ভট্টদেৱ বিশ্ববিদ্যালয়

বজালীস্থিত ভট্টদেৱ মহাবিদ্যালয়ৰ প্ৰশাসনিক খণ্ড ভৱনটো আজি লগতে শিক্ষক-শিক্ষয়িত্ৰীসকল আৰু স্থানীয় ৰাইজৰ উপস্থিতিত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু শুভ উদ্বোধন কৰে।

আজিৰ পৰা প্ৰায় দুবছৰ আগতে “বজালী মহাবিদ্যালয়” খন “ভট্টদেৱ বিশ্ববিদ্যালয়” লৈ উন্নীত হৈছিল ৷ বিশ্ববিদ্যালয়লৈ উন্নীত হোৱাৰ পিছত আইনগত যাৱতীয় কাম-কাজ নোহোৱাৰ কাৰণে এক্সিকিউটিভ কাউঞ্চিল কমিটি বা বিশ্ববিদ্যালয় ক’ৰ্ট সমিতিকে আদি কৰি বিভিন্ন সমিতি সমূহ গঠন কৰিব পৰা নাছিল ৷

আজিৰ পৰা কিছুদিন আগতে উক্ত ভট্টদেৱ বিশ্ববিদ্যালয়খন, বজালী আইনখন অসম চৰকাৰে কেবিনেটত অনুমোদন জনাইছে৷ বিশ্ববিদ্যালয়ৰ কাম-কাজ আৰম্ভ কৰাৰ পিছতে প্ৰশাসনীয় ভৱন কক্ষৰ কাম-কাজো আৰম্ভ হৈছিল আৰু আজি এই ভৱনটোৰ শুভ উদ্বোধন কৰা হয়৷

আজি ভৱনটোৰ উদ্বোধন হোৱা কথাটোৱে বজালীবাসীৰ লগতে ব্যক্তিগত ভাৱে মোকো উৎসাহিত কৰিছে বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰীয়ে।

লগতে পঢ়ক কামৰূপ আৰক্ষীয়ে বহিঃৰাজ্যৰ পৰা উদ্ধাৰ কৰিলে অসমৰ চৰি গৰাকী যুৱতীক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply