নিউজ ডেস্কঃ আজি ভোগালীৰ উৰুকা। উৰুকা নিশা সকলোৱে মিলি এসাঁজ খাবলৈ ৰাজ্যৰ বজাৰত গ্ৰাহকৰ ভিৰ।

ৰৌ, আৰি, চিতল আদি বিভিন্ন মাছেৰে উপচি পৰিছে মাছৰ বজাৰ। উজান বজাৰতো মাছৰ বজাৰত মাছ ক্ৰয় কৰিবলৈ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে।

হেপাঁহৰ ভোগালী বিহুৰ উৰুকাত মাছৰে জুতি লগাই এসাঁজ খাবলৈ পচণ্ডৰ মাছটো কিনিবলৈ বজাৰত ভিৰ কৰে গ্ৰাহকে।

কলিয়াবৰৰ চুলুং পাইকাৰী মাছ বজাৰত হাজাৰৰোধিক গ্ৰাহকৰ মাছ কিনিবলৈ ভিৰ।চিতল¸বৰালী¸ৰৌ¸বাহু¸ঢেকেৰা¸শিলঘৰীয়া মাছ কিনিবলৈ বজাৰত হেতা ওপৰা গ্ৰাহকৰ।

পূৰ্বতকৈ মাছৰ দাম বৃদ্ধি পাইছে যদিও একাংশ গ্ৰাহকে ক্ৰয় কৰিছে ৪ ৰ পৰা ১২ কেজি ওজনৰ মাছ।

বুধবাৰে নিশা ৯ বজালৈকে মাছৰ বজাৰ বহাৰ লগতে ভোগালীৰ উৰুকা পুৱা ৪ বজাৰ পৰা মুকলি হয় চুলুং পাইকাৰী মাছৰ বজাৰ।

প্ৰতিবছৰে উৰুকাত হাজাৰ হাজাৰ গ্ৰাহকে ভিৰ কৰে চুলুঙৰ মাছৰ পাইকাৰী বজাৰত। কিন্তু পূৰ্বৰ তুলনাত এইবাৰ গ্ৰাহক উপস্থিতি কিছু সেমেকা।

অসমৰ অন্যতম পাইকাৰী মাছৰ বজাৰ কলিয়াবৰৰ চুলুং বজাৰৰ পৰা তেজপুৰ¸বিশ্বনাথ¸লক্ষীমপুৰ¸নগাঁও¸গোলাঘাট¸যোৰহাট¸ৰৌতা¸ডিব্ৰুগড়¸তিনিচুকীয়া আদি লৈ ৰপ্তানি হয় মাছ।

ইফালে মঙ্গলদৈৰ মাছৰ বজাৰতো দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰজাতিৰ মাছ। অবিভক্ত দৰঙৰ বিভিন্ন পুখুৰীৰ লগতে অসমৰ বিভিন্ন ঠাইৰ পৰাও আহিছে মাছ। নিশাৰ পৰা হোৱা বৰষুণে উৰুকাৰ দিনটোত ঠাণ্ডা দুগুণে বৃদ্ধি কৰিছে যদিও পুৱাৰে পৰা মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ দেখিবলৈ পোৱা গৈছে ।

বিগত বৰ্ষ বোৰৰ দৰে এইবাৰ বজাৰত গ্ৰাহকৰ ভিৰ কিছু কম। মাছৰ মূল্য কিছু বৃদ্ধি হ’লেও এসাঁজ লগে ভাগে খোৱাৰ হেপাহত ওলাই আহিল বজাৰলৈ গ্ৰাহক।

ভোগালী বিহু উপলক্ষে জামুগুৰিহাটত মহিলাৰ দ্বাৰা অনুষ্ঠিত হৈছে এখন বিশেষ বজাৰ। য’ত উপলব্ধ হৈছে ভোগালীৰ বিভিন্ন জা জলপানৰ উপৰিও ঘৰুৱাভাৱে মহিলা সকলৰ দ্বাৰা উৎপাদিত বস্ত্ৰ সম্ভাৰ।

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান নদুৱাৰ খণ্ড পৰিচালনা শাখাৰ অধীনত শোণিতকোঁৱৰ আৰু জোনবিৰি মণ্ডল পৰ্য্যায়ৰ সংগঠনৰ উদ্যোগত ‘অসমী ভোগালী মেলা’ নামৰে অনুষ্ঠিত হোৱা বজাৰ খনত জামুগুৰিহাটৰ প্ৰায় এশটাৰো অধিক মহিলা আত্মসহায়ক গোটৰ সদস্যা সকলে অংশগ্ৰহণ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply