মাজুলীঃ বুধবাৰে মাজুলীৰ উপ নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী ৰূপে মনোনয়ন দাখিল কৰে ভুৱন গামে। ৯৯ নং মাজুলী বিধানসভা সমষ্টি বিজেপিৰ প্ৰাৰ্থী ভুৱন গামৰ মনোনয়ন পত্ৰ দাখিল কৰা সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মা।

লগতে কেবিনেট মন্ত্ৰী ৰনোজ পেগু বিমল বৰা লখিমপুৰৰ বিধায়ক মানৱ ডেকা, ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকন, কৃষি মন্ত্ৰী অতুল বৰা, ৰাজ্যিক সভাপতি ভৱেশ কলিতা গণশক্তি প্ৰতিনিধি উপস্থিত থাকে।

হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ জিলা নিৰ্বাচনী বিষয়া কাৰ্যালয়ত ভুৱন গামৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত আছিল সাংসদ প্ৰদান বৰুৱা আৰু মন্ত্ৰী ৰনোজ পেগু। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply