বাক্সাঃ ১৯৮৩চনৰ তেজে ধোৱা আন্দোলনৰ সাক্ষী ভূৱন ৰাজবংশী। দুৰ্বৃত্তৰ কুঠাৰৰ ঘাপ বুকু পাতি লৈ আঘাত প্ৰাপ্ত হৈছিল এইজন লোক। বাক্সা আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্ত্তী ওদালগুৰি জিলাৰ বৰনদীঝাৰৰ ভূৱন ৰাজবংশীয়ে এতিয়া কটাইছে দুৰ্বিষহ জীৱন।
জীৱনৰ ৭০ টা বছৰে ঘূনীয়া হৈ থকাৰ পিছতো নাই কাৰোৱে সহাঁৰি। পত্নী আৰু এজনী অনাথ নাতিনীক লগত লৈ এটি জৰাজীৰ্ণ বাসগৃহত বাস কৰিবলগীয়া হৈছে ভূৱন ৰাজবংশীয়ে।
প্ৰায় এবছৰ পূৰ্বে এটি দুৰ্ঘটনাত নিহত হয় মাজু পুত্ৰ। পুত্ৰৰ মৃত্যুৰ পাছত বোৱাৰীৰো অকাল মৃত্যু হয়।
আৰু পঢ়কঃগৃহৰক্ষী কৰ্মী বৰচিং বে’ক কনিষ্ট পদত নিযুক্তি; জানক আজিৰ কেবিনেটৰ সিদ্ধান্তসমূহ
পুত্ৰ-বোৱাৰীৰ মৃত্যুৰ পিছত একেবাৰে নিঠৰুৱা হৈ পৰিছে ভূৱন ৰাজবংশী আৰু পত্নী।
অষ্টম শ্ৰেণীত পঢ়ি থকা অনাথ নাতিনীক লৈ কষ্টৰে জীৱন পাৰ কৰিব লগা হৈছে।
আৰ্থিক অনাটনেও জুৰুলা কৰি পেলাইছে পৰিয়ালটোক। বৰ্তমানলৈকে এটি চৰকাৰী গৃহ লাভ কৰাৰো যোগ্য হোৱা নাই নিৰ্যাতিত ভূৱন ৰাজবংশী।
নেতা-পালি নেতাৰ দুৱাৰে-দুৱাৰে ঘূৰিও একোকে সঁহাৰি পোৱা নাই। সেয়েহে ভূৱন ৰাজবংশীৰ পৰিয়ালটোক সহায় কৰিবলৈ স্থানীয় ৰাইজে চৰকাৰক আহ্বান জনাইছে।