সোণাৰি : দায়িত্ব গ্ৰহণ কৰাৰ পাছত দেওবাৰে প্ৰথমবাৰলৈ চৰাইদেউ জিলাৰ সদৰ সোণাৰিত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা। চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয় সোণাৰিস্থিত ৰাজীৱ ভৱনত এখন সভাত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে জিলাখনৰ কংগ্ৰেছ কৰ্মী সকলৰ লগত মত-বিনিময় কৰি বিগত নিৰ্বাচনৰ পৰ্যালোচনা কৰা লগতে আগন্তুক দিনত দলৰ সভাপতি হিচাপে তেখেতৰ পৰিকল্পনা সন্দৰ্ভত অৱগত কৰে।
ইয়াৰ পূৰ্বে সাংবাদিকৰ লগত মত বিনিময় কৰি প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আশীৰ্বাদ যাত্ৰা সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেখেতে কয় মাজুলীবাসীৰ আশীৰ্বাদ লৈ নিৰ্বাচিত হোৱা সৰ্বানন্দ সোণোৱালে এতিয়া অসমৰ ৰাইজৰ সেৱা কৰিবহে লাগিছিল। কিন্তু তাৰ বিপৰীতে কি আশীৰ্বাদ যাত্ৰা কৰিছে সেই কথা বুজিব পৰা নাই। বিগত নিৰ্বাচনৰ সময়ত পোষ্টাৰ-বেনাৰসমূহত সৰ্বানন্দ সোণোৱালৰ ডাঙৰ ডাঙৰ ফটো সন্নিবিষ্ট কৰি প্ৰচাৰ কৰাত ৰাইজে সৰ্বানন্দ সোণোৱাল পুনৰ মুখ্যমন্ত্ৰী হ’ব বুলি ভাবিছিল যদিও এতিয়া কিন্তু গুৱাহাটীত সৰ্বানন্দ সোণোৱালৰ পাছপ’ৰ্ট ফটো এখন দেখাপাবলৈও নাই বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে।
লগতে পঢ়ক : কোকৰাঝাৰত আৰক্ষীৰ গুলীত নিহত তিনিজনকৈ ডকাইত
আনহাতে আগন্তুক উপ নিৰ্বাচনত এজেপি-ৰাইজৰ দলৰ লগত মিত্ৰতা সন্দৰ্ভত প্ৰাৰম্ভিক আলোচনা চলা বুলি মন্তব্য কৰি ভূপেন কুমাৰ বৰাই কয়, “আগন্তুক উপ নিৰ্বাচনত বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থী থাকিলে নিশ্চিতভাৱে বিজেপি দলৰ প্ৰাৰ্থী পৰাজিত হ’ব’। ইফালে মহাজোঁট সন্দৰ্ভত দলৰ ভিতৰচ’ৰাত গোমগোমনি সৃষ্টি হৈছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আৰু কেইটামান দিনৰ পাছতহে মহাজোঁটত এআইইউডিএফ থাকিব নে নাই সেই কথা কব পৰা হ’ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱ নিৰ্বাচিত সভাপতি ভূপেন বৰা চৰাইদেউ জিলালৈ অহাৰ সময়ত সোণাৰিৰ নাফুকত একাংশ মহিলাই ৰাখী পিন্ধাই আদৰণি জনোৱা লগতে ৰাখী বন্ধন উদযাপন কৰে।