শিৱসাগৰঃ ৰাজ্য়ৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো উদযাপন কৰা হৈছে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্ম দিৱস।

শিৱসাগৰৰ দৌলমুখ চাৰি আলিত দিখৌপৰীয়া সন্মিলিত যুৱ সংঘৰ উদ্যোগত উদযাপন কৰা হৈছে বিশ্ববন্দিত শিল্পী গৰাকীৰ জন্ম দিৱস।

লগতে পঢ়কঃৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে সোণাৰি ৰাজহুৱা খেলপথাৰত যোগাসন শিবিৰ আৰম্ভ

এই উপলক্ষে পুৱাই ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ তথা বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উপৰিও কেক্ কাটি শ্ৰদ্ধাৰে সুঁৱৰে শিল্পীগৰাকীক ।

অনুষ্ঠানত জনপ্ৰিয় শিল্পী মহেন্দ্ৰ হাজৰিকাকে ধৰি কেইবাগৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰি সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰিৱেশন কৰে ভূপেনন্দ্ৰ সংগীত।

আনহাতে, সোণাৰিতো সুধাকণ্ঠ ড° ভুপেন হাজৰিকাৰ জন্ম দিৱস উদযাপন।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় সুধাকণ্ঠৰ জন্ম দিৱস।

সংগঠনটোৰ সোণাৰিস্থিত কাৰ্যালয়ত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন। এই অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ লগতে জিলা সমিতিৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply