নিউজ ডেস্কঃ ৰাজ্যজুৰি আজি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। তেওঁৰ গানে দি গৈছিল অসমবাসীক প্ৰেৰণা, নিজক চিনি পোৱাৰ পথ, মানৱীয়তাৰ নিদৰ্শন।

সুধাকণ্ঠ ভ০ ভূপেন হাজৰিকা। আজি কিংবদন্তি শিল্পী গৰাকীৰ মৃত্যু বাৰ্ষিকী।

ৰাজ্য চৰকাৰে জালুকবাৰীস্থিত শিল্পীগৰাকীৰ সমাধিক্ষেত্ৰত স্মৃতিচাৰণ সভা তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। লগতে সাংস্কৃতিক আৰু বৌদ্ধিক জগতখনৰৰ সৈতে জড়িত বহু অনুষ্ঠানেও আয়োজন কৰিছে শ্ৰদ্ধাঞ্জলি তৰ্পন অনুষ্ঠান।

যোৱা কিছুদিনত অসমীয়া সমাজে বহু কেইগৰাকী অভিভাৱক তূল্য বৰেণ্য ব্যক্তিক হেৰুৱাবলগীয়া হৈছে। নিপন গোস্বামী, নীলপৱন বৰুৱা।

ইষ্টম’জ’ অসমৰ তৰফৰ পৰা আজিৰ দিনটোতে সুধাকণ্ঠৰ লগতে এই দুগৰাকী বৰেণ্য ব্যক্তিকো আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply