বিশ্বনাথ প্ৰতিবাদ
বিশ্বনাথ প্ৰতিবাদ

বিহালী– বিশ্বনাথৰ বিহালী অঞ্চলত ভয়ানক ৰূপে বৃদ্ধি পাইছে অবৈধ সুৰা, ড্ৰাগচ, জুৱা আদি অসামাজিক কাৰ্য্যকলাপ।

সুৰা, নিচাজাতীয় সামগ্ৰীৰ কৰাল গ্ৰাসত পৰি ধ্বংসৰ মুখলৈ গতি কৰিছে বৃহত্তৰ অঞ্চলটোৰ নৱ প্ৰজন্ম ৷ কিন্তু নিৰ্বিকাৰ আৰক্ষী প্ৰশাসন।

বিশ্বনাথ জিলাৰ বিহালী সমষ্টি কুলাগুৰি পথাৰত এজন লোকে সুৰাবিপনী খোলাক কেন্দ্ৰ কৰি লৈ একাংশ ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

স্থানীয় লোকে সুৰাৰ বিপনী স্থানান্তৰৰ কৰা দাবী জনাই আহিছিল যদিও এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

সুৰা বিপনী কৰ্তৃপক্ষই চৰকাৰী অনুজ্ঞাপত্র থকা বুলি জানিব দিয়ে যদি কুলাগুৰি ৰাইজে স্থানীয় ৰাইজৰ এন.অ.চি নাই বুলি অভিযোগ কৰি সুৰাৰ বিপনী স্থানান্তৰ কৰাৰ দাবী জনাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply