বিহালীঃ ৰাজ্যত পুনৰ যুৱতী নিৰ্যাতনৰ ঘটনা। বিহালীৰ কেটেলা চাহ বাগিচাৰ চাংবাংলাৰ সমীপত এগৰাকী অসহায় যুৱতীক ধৰ্ষণৰ চেষ্টা। ঘটনাটো সংঘটিত হৈছিল যোৱা ২১ মে’ত।
যুৱতীগৰাকীয়ে কেটেলা চাহ বাগিচাৰ কাৰ্যালয়ৰ পৰা সাপ্তাহিক মজুৰি লৈ ঘৰ অভিমুখে গৈ আছিল।সেই সময়তে ৫ জনীয়া এটা যুৱকৰ দলে যুৱতীগৰাকীক ধৰ্ষণৰ চেষ্টা চলাই।
অসহায় যুৱতীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত যুৱকৰ দলটোৱে যুৱতীগৰাকীক প্ৰচণ্ড মাৰপিট কৰে৷ ইমানতে শান্ত নাথাকিল যুৱকৰ দলটো। যুৱতীগৰাকীক মাৰপিট কৰি ভিডিঅ’ প্ৰস্তুত কৰি ৱাটছ আপযোগে যুৱতীগৰাকীৰ ভিডিঅ’ ভাইৰেল কৰে ৷
আৰু পঢ়কঃধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত অব্যাহত থকা গৰাখহনীয়া প্ৰতিৰােধৰ বাবে স্মৰকপত্ৰ প্ৰদান
এই ভিডিঅ’ ভাইৰেল হোৱাৰ লগে-লগে বিহালী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাই বিহালী আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে।
আৰক্ষীয়ে অনুসন্ধান চলাই অনুজ তাঁতী, নিৰেন বাউৰী, অজিদা পাণ্ডে আৰু চামেল প্ৰজা নামৰ চাৰিটা অভিযুক্ত আটক কৰে।
অধিক তথ্যৰ বাবে বিহালী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও এই ঘটনাক লৈ চাঞ্চল্য অব্যাহত আছে।