বিহপুৰীয়া: বিহপুৰীয়াৰ খোলাগুৰিৰ বাসিন্দা তথা লোকশিল্পী ডম্বৰুধৰ শইকীয়া(৮৩)ৰ আজি বিয়লি বাৰ্ধক্যজনিত কাৰণত নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে৷ অসমীয়া কৃষ্টি-সংস্কৃতিৰ সাধক শইকীয়াৰ বিয়োগত সমগ্ৰ অঞ্চলতোতে গভীৰ শোকৰ ছাঁ পৰিছে৷ ৰাজ্যৰ বিভিন্নপ্ৰান্তত নৃত্য-গীত-বাদ্যৰ প্ৰশিক্ষণ প্ৰদান কৰি অসমীয়া কৃষ্টি সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰত মনোনিৱেশ কৰি অহা শইকীয়া একেধাৰে সু-বক্তা, খেলুৱৈৰ লগতে এগৰাকী সু-অভিনেতা হিচাপে পৰিচিত আছিল ৷
শংকৰী কলা-কৃষ্টিৰ একনিষ্ঠ সাধক ডম্বৰুধৰ শইকীয়াই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুলৰ প্ৰশিক্ষক হিচাপেও দায়িত্ব পালন কৰিছিল৷ ঢোলৰ ওজা তথা এগৰাকী বিহুৱা হিচাবে বিশেষ পৰিচয় লাভ কৰা শইকীয়াই ঠেঙাল কছাৰী জনগোষ্ঠীৰ অন্যতম লোককৃষ্টি কুলাবুঢ়ীৰ নাচৰ প্ৰচাৰ আৰু প্ৰসাৰত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল ৷
অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা বৰঙণিৰ স্বীকৃতি স্বৰূপেই ২০১৭ বৰ্ষত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে ডম্বৰুধৰ শইকীয়াক শিল্পী পেঞ্চন প্ৰদান কৰে৷ ২০০২ বৰ্ষত অসম চৰকাৰৰ সাংস্কৃতিক কেন্দ্ৰ, নাৰায়ণপুৰৰ দ্বাৰা শিল্পী সম্বৰ্দ্ধনা, ২০০৬ বৰ্ষত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ দ্বাৰা প্ৰদান কৰা হৰেণ হাজৰিকা সোঁৱৰণি সংস্কৃতি বঁটা, অসম নাট্য সন্মিলনৰ ব্ৰজনাথ সোঁৱৰণী বঁটা, ঠেঙ্গাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ “সংস্কৃতি সাধক” বঁটা, অসম সাংস্কৃতিক মহাসভাৰ তৰফৰ পৰা জীৱন জোৰা সাহিত্য বঁটাৰ লগতে ২০১৩ বৰ্ষত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী সমাৰোহত শিল্পী হিচাপে সম্বৰ্দ্ধিত শইকীয়াক বিভিন্ন সময়ত স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠান সমূহেও সম্বৰ্দ্ধনা জনাই আহিছে৷
অৰুণাচল প্ৰদেশস্থিত ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ৰূপালীম নৃত্য নাটিকা প্ৰদৰ্শন কৰি সমাদৰ বুটলিবলৈ সক্ষম হোৱা শইকীয়াই ডিব্ৰুগড় অনাতাঁৰ কেন্দ্রৰ ‘যুৱবাণী’ অনুষ্ঠানত প্ৰচাৰ হোৱা ৰূপালীম নৃত্য নাটিকা আৰু বহু গীত মাতৰ বাণীবন্ধন কামৰ লগতো ওতঃপ্ৰোতঃভাৱে জড়িত আছিল। দুয়োখন হাতেৰেই সমভাৱে খোল বজোৱাত পাৰ্গত শইকীয়াই চুবুৰীয়া ৰাজ্য মেঘালয় আৰু অৰুণাচল প্ৰদেশতো শংকৰী নৃত্য গীত আৰু বাদ্যৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল।
বিশিষ্ট শিল্পী গৰাকীয়ে মৃত্যুৰ সময়ত পত্নীৰ লগতে চাৰি পুত্ৰ-বোৱাৰী আৰু বহু সংখ্যক আত্মীয়ক ইহঃসংসাৰত এৰি থৈ যায়৷ আজি বিয়লি তেওঁৰ বাসগৃহত স্থানীয় বিভিন্ন দল-সংগঠনৰ লগতে অগণন গুণমুগ্ধ উপস্থিত হৈ মৃতদেহত অন্তিম শ্ৰদ্ধা নিবেদন কৰি বিদেহ আত্মাৰ সদগতি কামনা কৰে ৷