আজাৰা : আজি মাঘ বিহু। ৰাজ্যজুৰি মাঘ বিহুকলৈ এক আনন্দৰ পৰিৱেশ। পুহ আৰু মাঘ মাহৰ সংক্রান্তিৰ দিনটোৰ পালন কৰে মাঘৰ বিহু বা ভোগালী বিহু। মাঘৰ বিহু আগদিনা উৰুকাৰ নিশা সকলোৱে একে লগে মিলিত হৈ আনন্দ উল্লাখেৰে এসাঁজ খোৱাৰ বাবেই মাঘৰ বিহুক ভোগৰ উৎসৱ ভোগালী বুলিও কোৱা হয়।

উৰুকাৰ নিশা সকলোৱে একে লগে মেজিৰ বাকৰিত মিলিত হৈ মাছে, মাংসৰে ভোজ ভাত খাই আজি পালন কৰিছে মাঘৰ বিহু। পুহ আৰু মাঘ মাহৰ সংক্রান্তিৰ দিনা পুৱাই সকলোৱে স্নান কৰি উপস্থিত হয় মেজিৰ বাকৰিত। পুজা অৰ্চনা আগবঢ়াই মেজিত অগ্নি সংযোগ কৰি সকলোৱে অগ্নি দেৱতাক সেৱা জনাই বছৰটোৰ মংগলৰ কামনা কৰে।

সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰী গুৱাহাটীৰ সমীপৱৰ্তী আজাৰাৰ হীৰাপাৰা গাঁৱত মাঘৰ বিহু উপলক্ষে দেখিবলৈ পোৱা যায় ব্যাপক আয়োজন। হীৰাপাৰা গাঁওবাসী গাঁওখনৰ ৰাজহুৱা খেলপথাৰত মিলিত হৈ মেজি জ্বলই জুইৰ তাপ লয়। গাঁওবাসীয়ে মেজিৰ জুইত সকলো অপায় অমংগল জ্বলাই নিঃশেষ হোৱাৰ কামনা কৰে।

লগতে পঢ়ক- টীয়কৰ কাকজান বামকুকুৰাচোৱা গাৱৰ ৰাইজে একেলগে প্ৰজ্বলন কৰিলে মাঘ বিহুৰ মেজি

উল্লেখ্য যে হীৰাপাৰাৰ ৰাজহুৱা খেলপথাৰত প্ৰতিবছৰে মাঘৰ বিহুৰ দিয়া বিভিন্ন খেল ধেমালীৰ আয়োজন কৰা হয়। কিন্তু এইবছৰ ক’ভিডৰ বাবে গাঁওবাসীয়ে কেৱল মেজি জ্বলাই পৰম্পৰা ৰক্ষা কৰে। অৱশ্যে ইয়াৰ মাজতে সকলোৱে একে লগে মিলি দৈ, চিৰা আৰু বিভিন্ন পিঠা পনা খাই মাঘৰ বিহু পালন কৰে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply