স্মৃতি ৰেখা লাহন, টীয়ক: যোৰহাট জিলাৰ টীয়কৰ অন্যতম অগ্ৰণী শিক্ষা অনুস্থান টীয়ক জাতীয় বিদ্যালয় আৰু জ্ঞানপীঠ একাডেমীত” বহাগ বিহুৰ উলাহ” নামৰ এক মনোজ্ঞ অনুষ্ঠানৰ যোগেদি অসমীয়াৰ বাপুতি সাহোন বহাগ বিহু আজি উদযাপন কৰা হয়।
মুখ্য সঞ্চালক প্ৰদীপ চুতীয়াই বিহুৱান উত্তোলন, অধ্যক্ষ ঋষেশ্বৰ শৰ্মাই বন্তি প্ৰজ্বলন আৰু সচিব সৌৰভ বৰাই প্ৰদীপ জ্বলাই অনুষ্ঠানৰ শুভাৰম্ভ কৰে আৰু স্থানীয় কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়।উক্ত কাৰ্যসূচীৰ পাছতে দুয়োটা শিক্ষানুষ্ঠানৰ ছাত্ৰ- ছাত্ৰী সকলে বিহু প্ৰদৰ্শন কৰি উপস্থিত সকলোকে আহ্লাদিত কৰে ।
আৰু পঢ়কঃ জাগীৰোডৰ শিলচাঙত দেওৰজাৰ পৰম্পৰাগত ভেটি কাঢ়া উৎসৱ
অসমীয়া নতুন বৰ্ষৰ বাবে সকলোৱে সকলো দিশতে আগবাঢ়িবৰ বাবে সাহস গোটাই সাজু হ’বলৈ আশীৰ্বাদ প্ৰদান কৰি টীয়ক জাতীয় বিদ্যালয় আৰু জ্ঞানপীঠ একাডেমীৰ বাকৰিত বহাগ বিহুৰ উলাহ অনুষ্ঠান সামৰণি মাৰে।