গুৱাহাটীঃ পদূলিমুখত অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু। চৌদিশে এতিয়া কেৱল ঢোল-পেঁপা-গগনাৰ শব্দত ৰজন্‌জনাই উঠিছে ৰাজ্যৰ আকাশ-বতাহ। ৰঙালী বিহু উদযাপনৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে প্রস্তুতি তুংগত উঠাৰ সময়তে পূৰ্বোত্তৰ প্ৰদেশীয়া মাৰৱাড়ী যুৱ মঞ্চ চমুকৈ পিপিএমৱাইএমে অহা ১৬-১৭ এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৱাহাটীৰ গো-শালাৰ বৃন্দাবন গাৰ্ডেনত ৰঙালী বিহু উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত পিপিএমৱাইএমৰ সভাপতি হিমশিখৰ খান্দেলিয়াই কয় যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদ্যাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লগতে তেওঁ কয় যে মাৰৱাড়ী সম্প্রদায়টোৱে অসমীয়া ভাষা-সংস্কৃতিক ইতিমধ্যে আঁকোৱালি লৈছে। অসমীয়াৰ সৈতে বিলীন হৈ গৈছে মাৰৱাড়ী সম্প্রদায়টো। মাৰৱাড়ী যুৱ মঞ্চই ইতিমধ্যে বিহুকে আদি কৰি অসমীয়া কলা-সংস্কৃতিক বিশ্বৰ দৰবাৰত বহল ৰূপত সম্প্ৰসাৰণৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰি অহাৰ লগতে অসমৰ পৰম্পৰাগত উৎসৱসমূহ উদযাপন কৰি আহিছে।

লগতে পঢ়কঃলেখাপানীত সীমা সমস্যা সমাধানৰ দাবীত ছাত্র মুক্তিৰ বিক্ষোভ কাৰ্য্যসূচী

১৬ আৰু ১৭ এপ্ৰিলত ‘লুইতপৰীয়া বিহু সন্মিলন’ শীর্ষক কাৰ্যসূচীৰে ৰঙালী বিহু উদ্যাপনৰ সিদ্ধান্ত গ্রহণ কৰিছে বুলি উল্লেখ কৰি সভাপতিগৰাকীয়ে কয় যে সংগঠনটোৰ সকলো আশাকে বিহু উৎসৱ উদ্যাপনৰ বাবে উমৈহতীয়া এছ অ’ পি প্ৰেৰণ কৰা হৈছে। ‘লুইতপৰীয়া বিহু সন্মিলন’ শীর্ষক অনুষ্ঠানত বিহুৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী থাকিব। ১৬ এপ্রিলত পতাকা উত্তোলনেৰে দুদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ’ব। শুভাৰম্ভণী অনুষ্ঠানৰ বিশেষ আকর্ষণ হুঁচৰি দল। হুঁচৰি দলৰ নৃত্য পৰিৱেশনেৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ শুভাৰম্ভণি ঘটিব। সন্ধিয়াৰ ভাগত থাকিব বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী। ১৭ এপ্ৰিলত সন্ধিয়াৰ ভাগত অনুষ্ঠিত হ’ব এক বিশেষ সাংস্কৃতিক অনুষ্ঠান। উক্ত অনুষ্ঠানতেই সাহিত্য আৰু সংগীতৰ লগত জড়িত বহুকেইজন বিশিষ্ট ব্যক্তি ক্ৰমে কুলদা কুমাৰ ভট্টাচাৰ্য, পুলক গগৈ, কুলধৰ শইকীয়া, দেৱব্ৰত দাস, বিমলা গগৈ, শঙ্কৰলাল গোৱেঙ্কা, ৰমেন বৰুৱা আদি বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হ’ব।’

অসমৰ সংগীত জগতৰ জনপ্ৰিয় গায়িকা জুবলি বৰুৱাৰ লগতে মাৰৱাড়ী সম্প্ৰদায়ৰ বহুকেইজন শিল্পীয়ে সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত গীত পৰিৱেশন কৰিব। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্রী অশোক সিংঘাল, সাংসদ কুইন ওজা, আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য, পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধার্থ ভট্টাচার্য, পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাকে আদি কৰি বহু বিশিষ্ট ব্যক্তি। মাৰৱাড়ী যুৱ মঞ্চৰ প্ৰতিষ্ঠাপক সভাপতি সুভাষ চিকাৰিয়া, সৰ্বভাৰতীয় মাৰৱাড়ী যুৱ মঞ্চৰ প্ৰাক্তন সভাপতি অনিল কুমাৰ জৈন, সৰ্বভাৰতীয় মাৰৱাড়ী যুৱ মঞ্চৰ ৰাষ্ট্ৰীয় উপ-সভাপতি ৰাজীৱ চান্দাসহ কমিটীৰ স্থানীয় শাখাৰ বহু লোক উপস্থিত থাকিব। অনুষ্ঠানটো মাৰৱাড়ী যুৱ মঞ্চৰ গুৱাহাটী শাখাই আতিথ্য গ্ৰহণ কৰিব। আজিৰ সংবাদমেলত পূৰ্বত্তোৰ প্ৰদেশীয়া মাৰৱাড়ী যুৱ মঞ্চৰ সম্পাদক ৰাজ চৌধুৰীসহ কেইবাজনো উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply