মৰাণ: উষাপুৰ মহিলা সমাজৰ উদ্যোগত আৰু মৰাণৰ দল-সংগঠনৰ সহযোগত আজি মৰাণ উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত হৈছে কেন্দ্ৰীয় তৰা চিঙা বিহু ।

চাওলুং চ্যুকাফাই উদ্ভাৱন কৰা ৰঙালী বিহুৰ মাতৃ স্বৰূপ এই তৰা চিঙা বিহুখনিৰ আজি ১৩ খনকৈ পতাকা উত্তোলেৰে কাৰ্যসূচী আৰম্ভ হয় । ইয়াৰ পিছতে বিভিন্ন জাতি জনগোষ্ঠীৰ সহযোগত দোলা যাত্ৰা উলিওৱা হয় ।

এই দোলা যাত্ৰাত বহু লোকে অংশগ্ৰহণ কৰে । দিনযোৰা কাৰ্যসূচীৰে অনুস্থিত হোৱা এই বিহুত সন্ধিয়া কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হ’ব ।

বিহু আজি কোনদিশে ধাবমান হৈছে সেই বিষয়ক লৈও আলোচনা চক্ৰৰো আয়োজন কৰে। ইফালে এই তৰা চিগা বিহুখনিৰ বিদায় অনুষ্ঠান অনুষ্ঠিত হ’ব ৭ ব’হাগত ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply