নগাঁও: বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত দীঘলী বিলত পূৰ্বৰ দৰে পৰম্পৰা অনুসৰি বহাগ বিহুৰ উৰুকাৰ দিনা সমূহীয়া ভাবে মাছ মাৰে । জাকৈ, খালৈ, পল, চেপা, খ’খা, জাল আদি হাতে হাতে লৈ মাছ ধৰিবলৈ অগনন স্থানীয় লোকৰ উপস্থিতিৰে মংগলবাৰে মুখৰিত হৈ পৰে দীঘলী বিলৰ পাৰ ।
নগাঁও জিলাৰ পশ্চিম অঞ্চলৰ ৰাইজে মাজগাঁও, চকলাঘাট আৰু সোনাইৰ মাজত অৱস্থিত দীঘলী বিলত পৰম্পৰাগত ভাৱে যোৱা দুই শতিকা ধৰি পালন কৰি আহিছে এই সমূহীয়া মাছ ধৰা উৎসৱ। এইবাৰো গঞা ৰাইজে ব্যপক উৎসাহ উদ্দীপনাৰ মাজেৰে পালন কৰিছে সমূহীয়া মাছ ধৰা উৎসৱ।
পুৱাৰে পৰা জাজৰি, নসত্ৰ, ৰাইডঙীয়া, কাছমাৰী, পুখুৰীপাৰ, মাজগাঁও, কুজিদাহ, দলংঘাট, গাখজুৱা, বৰচিলা, শিমলুগুৰি, নভেটি, দীঘলীপাৰ, বৰডুবিয়া আইভেটি, খৌৰামোচৰ, দৰঙীয়াল, খাটোৱাল গাঁও, ক্ষেত্ৰী গাঁও, গজপুৰীয়া, হাতীচোং, গেদাৰবড়ি ব্ৰাহ্মণ গাঁও আদি বিভিন্ন গাঁৱৰ পৰা দীঘলী বিললৈ মাছ ধৰিবলৈ আহে অগনন গঞা ৰাইজ ।


মাছ ধৰাৰ বাবে বিলৰ পানীত নামে যদিও পূৰ্বৰ তুলনাত মাছৰ সংখ্যা ভালেসংখ্যক হ্ৰাস পোৱাৰ কাৰণে অধিকাংশই মাছ নাপালে যদিও উৰুকাৰ বহু আকাংক্ষিত এই দিনটোত দীঘলী বিলত পৰম্পৰাক জীপাল কৰি তুলি আনন্দিত হৈ পৰে গাঁওবাসী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply