গুৱাহাটীঃ বিগত বৰ্ষত ৰাজ্যবাসীয়ে কৰোণাসৃষ্ট পৰিৱেশৰ বাবে উদযাপন কৰিব পৰা নাছিল বিহুৰ অনুষ্ঠান।

এইবাৰ অনিশ্চয়তাৰ মাজত আয়োজকসকল আছিল যদিও সংবাদমেলযোগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত লকডাউন নিদিয়াৰ কথা ঘোষণা কৰে। ইয়াৰ বিপৰীতে বিহু উদযাপনৰ ক্ষেত্ৰত শুকুৰবাৰে ৰাজ্যৰ স্বাস্থ্যবিভাগে জাৰি কৰিছে নিৰ্দিষ্ট গাইড লাইন।

এই সমূহ গাইড লাইন পালন কৰিহে বিহু উদযাপন কৰিব পাৰিব সকলোৱে। চৰকাৰে দিয়া গাইড  লাইন অনুসৰি বিহু অনুষ্ঠানৰ বাবে আগতীয়াকৈ প্ৰশাসনৰ পৰা লব লাগিব অনুমতি।

আৰু পঢ়কঃসোণাৰিত বিহুৰ আখৰাত ব্যস্ত বিহুৱা-বিহুৱতী, সাজু চৰাইদেউ বিহু হুঁচৰি দল

বিহু আয়োজন কৰা সমূহ উদ্যেক্তাই কৰিব লাগিব কৰোণাৰ পৰীক্ষা।

নিশা ১১ বজাৰ পূৰ্বে সামৰিব লাগিব বিহু অনুষ্ঠান।

বিহু অনুষ্ঠানত দুবাৰকৈ চেনিটাইজ কৰাটো বাধ্যতামূলক।

প্ৰতিগৰাকী দৰ্শকে পৰিধান কৰিব লাগিব মাস্ক। কেৱল মঞ্চত গীত পৰিবেশন কৰিবলগীয়া শিল্পীকহে ৰেহাই।

বিহুতলীত থাকিব লাগিব কেইবাখনে প্ৰৱেশ আৰু প্ৰস্থানৰ দ্বাৰ।

দৰ্শকে ভিৰ কৰিব নোৱাৰিব বিহুঅনুষ্ঠানত।

সামাজিক দূৰত্ব অনুসৰি চকীৰ ব্যৱস্থা কৰিব লাগিব।

লগতে অনুষ্ঠানত অংশগ্ৰহণকাৰীয়ে জুখিব লাগিব শৰীৰৰ উষ্ণতা।

আৰু পঢ়কঃ ৰাষ্ট্ৰীয় ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপ”ত গুৱাহাটীৰ প্ৰাপ্তি মেধিৰ সফলতা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply