মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত গুৱাহাটীত "বিহু অ'ন হুইলছ"

গুৱাহাটী : ৰাজ্যজুৰি ৰঙালী বিহুৰ উখল মাখল পৰিৱেশ। ঢোল, পেপাৰ মাতত মুখৰিত হৈ পৰিছে উজনিৰ পৰা নামনি। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰী গুৱাহাটীতো বিহু উপলক্ষে উখল মাখল পৰিৱেশ। ইয়াৰ মাজতে গুৱাহাটীত মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত ব্যতিক্ৰমী বহুৰ আয়োজন।

ৰঙালী বিহু উপলক্ষে মহানগৰীত মাৰোৱাৰী যুৱ মঞ্চ গুৱাহাটী শাখা উদ্যোগত আয়োজন কৰা হয় “বিহু অ’ন হুইলছ”। চাৰিচকীয়া বাহনৰ ওপৰত বিহু। প্ৰতি বছৰৰ দৰে এইবাৰো মাৰোৱাৰী যুৱ মঞ্চ গুৱাহাটী শাখা উদ্যোগত আয়োজন কৰা হয় চাৰিচকীয়া বাহনৰ ওপৰত বিহু।

বিহু অ’ন হুইলছ”ৰ দলে মহানগৰীত বিভন্ন স্থানত চাৰিচকীয়া বাহনলৈ বিহু নৃত্য কৰা পৰিলক্ষিত হয়। অনুষ্ঠানত মুখ্য অথিতি হিচাপে উপস্থিত থাকে গুৱাহাটীৰ সাংসদ কুইন ওঝা আৰু অখিল ভাৰতীয় যুৱ মঞ্চৰ প্ৰাক্তন সভাপতি অমিত আগৰৱালা। গুৱাহাটীৰ সাংসদ গৰাকীয়ে মাৰোৱাৰী যুৱ মঞ্চৰ এই সুন্দৰ পদক্ষেপক প্ৰশংসা কৰে।

সম্পূৰ্ণ কভিড প্ৰ’টকল মানি মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত “বিহু অ’ন হুইলছ” আয়োজন কৰা হয়। অনুষ্ঠানত সময়ছোৱাৰ কৰ্তব্যৰত আৰক্ষী সকলক ফুলাম গামোচাৰে আদৰণি জনাই বিহুৰ শুভেচ্ছা জ্ঞাপন কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply