খুমটাই: অসমীয়াৰ হেঁপাহৰ ৰঙালীলৈ মাজত মাত্ৰ কেইটামান দিন । ৰাজ্যৰ চৌদিশে চলিছে বিহুৰ আখৰা ৷ খুমটাইৰ এখন চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক জাতীয় উৎসৱ বিহুৰ বিষয়ে শুদ্ধ ৰূপত জ্ঞান দিবলৈ লৈছে এক বিশেষ পদক্ষেপ।
খুমটাইৰ বনগাঁও চলা উচ্চ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰিছে সপ্তাহজোৰা বিহু কৰ্মশালাৰ । ছাত্ৰ-ছাত্ৰী সকলে আনন্দমনেৰে অংশ লৈছে কৰ্মশালাত । কৰ্মশালাটিত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী সকলক প্ৰশিক্ষণ আগবঢ়াইছে বিহুনাম আৰু বিহুনাচৰ বিষয়ে ।
ছাত্ৰ-ছাত্ৰী সকলেও অতি আগ্ৰহেৰে শিকিছে বিহু ৷ হাতে হাতে জাপি লৈ সুন্দৰভাৱে কঁকাল ভাঙিছে নাচনীয়ে ৷ বিহুৰ লহৰত আনন্দত মুখৰিত হৈছে বনগাঁও চলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিবেশ।