কন্ঠশিল্পী পাপন
ফাইল ফটো

গুৱাহাটীঃ সুদীৰ্ঘ ছবছৰৰ বিৰতিৰ মূৰত অসমৰ বিহু মঞ্চত গীত পৰিবেশন কৰিলে অংগৰাগ পাপন মহন্তই।

চৰকাৰে কভিডৰ বাবে জাৰি কৰা নীতি নিৰ্দেশনা মানি মঞ্চত গীত পৰিৱেশন কৰাৰ মাজে মাজে কন্ঠশিল্পী গৰাকীয়ে মুখত মাস্ক পৰিধান কৰে।

লগতে সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অহা ৰাইজকো মাস্ক পিন্ধিবলৈ আহ্বান জনালে শিল্পীগৰাকীয়ে।

চৰকাৰে বিহু অনুষ্ঠানৰ বাবে জাৰি কৰা এছ অ’ পি মানি চলিয়ে নিৰ্দিষ্ট সময়ত সংগীতানুষ্ঠান সামৰিলে কন্ঠশিল্পী পাপনে।

পিছে খাৰঘুলিৰ সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰি সন্তষ্ট নহ’ল বুলি মন্তব্য কৰি শিল্পী গৰাকীয়ে ৰাইজক বেলতলা বিহুতেই পুনৰ লগ পোৱাৰ কথা উল্লেখ কৰিছিল যদিও,

কৰোনা সৃষ্ট পৰিবেশৰ বাবে বেলতলা ব’হাগী উৎসৱ বাতিল কৰাৰ কথা আয়োজকে ঘোষণা কৰাত মহানগৰবাসীয়ে এইবাৰ পাপনক বিহুৰ মঞ্চত দেখিবলৈ নাপাব 

কোভিড১৯ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ব’হাগী উৎসৱ বাতিল কৰাৰ কথা সংবাদমেলৰ জৰিয়তে জনালে উদযাপন সমিতিয়ে।

ইপিনে শিল্পী মানস ৰবীনে চৰকাৰে জাৰি কৰা এছ অ’ পি বিৰুদ্ধে তীব্ৰ সমালোচনা কৰাৰ পিছতেই আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালক প্ৰধান জি পি সিঙে ১১ বজাৰ ভিতৰত বিহুৰ অনুষ্ঠান সামৰণি নামাৰিলে কঠোৰ শাস্তি প্ৰদান কৰা হ’ব বুলি এক নিৰ্দেশাৱলী জাৰি কৰে।

ইফালে ভৰলুৰ সোনাৰাম খেলপথাৰৰ বিহুৰ অনুষ্ঠানত পিপিই কীট পিন্ধি অনুষ্ঠান পৰিৱেশন কৰিলে বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা কে কে আৰু মোহন ৰূপী সিদ্ধাৰ্থ শৰ্মা আৰু দীপজ্যোতি কেওটে।

ৰাইজক সজাগ কৰিবৰ বাবে অভিনেতাদ্বয়ে এইদৰে অনুষ্ঠান পৰিৱেশন কৰি কৰোনাৰ ভয়াবহতাৰ বিষয়েও ৰাইজক অৱগত কৰে।

আনহাতে কৰোনাত আক্ৰান্ত হৈ বৰ্তমান কালাপাহাৰ হস্পিতালত চিকিৎসাধীন হৈ থকা গায়িকা ভিতালী দাসে তেওঁ সকলো বিহুৰ কাৰ্যসূচী বাতিল কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply