নিউজ ডেস্কঃ ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কভিডৰ সংক্ৰমণ।
বিগত বৰ্ষত কভিড সংক্ৰমণৰ বাবে বিহু অনুষ্ঠান উদযাপন কৰিবলৈ পৰা হোৱা নাছিল।
এইবাৰ চৰকাৰে বিহু উদযাপনৰ ক্ষেত্ৰত এছ অ’ পি জাৰি কৰিছে। সকলোৱে চৰকাৰৰ বিধি নিৰ্দেশনা মানি চলি এইবাৰ বিহু উদযাপন কৰিব পাৰিব।
চৰকাৰৰ বিধি নিৰ্দেশনা মানি চলি এইবাৰ চেপন কেন্দ্ৰীয় বিহু সন্মিলনৰ উদ্যোক্তাসকলে জাৰি কৰিছে বিশেষ নিৰ্দেশনা।
এইবাৰৰ চেপনৰ বিহু সন্মিলনীৰ অনুষ্ঠান সীমিত সংখ্যক দৰ্শকে উপভোগ কৰিব পাৰিব।
লাইখুঁটা স্থাপন অনুষ্ঠানত উদ্যোক্তা মণ্ডলীয়ে জানিব দিয়া মতে আগ্ৰহী দৰ্শক সকলে আগতীয়াকৈ অনলাইন আবেদনৰ জৰিয়তে নাম পঞ্জীয়ন কৰিব লাগিব।
অহা ২৬ আৰু ২৭ এপ্ৰিলত অনুষ্ঠিত হ’ব লগা এই বিহু সন্মিলনীৰ পঞ্জীয়ন সম্পূৰ্ণ বিনামূলীয়া অনলাইন ব্যবস্থা দুই এদিনৰ ভিতৰতে উপলব্ধ হ’ব।
আগন্তুক ৰঙালী বিহু সন্মিলনৰ দুয়ো দিনৰ কাৰ্যসূচীত ৰাজ্যৰ বহুকেইটা আগশাৰীৰ বিহু হুঁচৰি দলে অংশ ল’ব ।
সাংস্কৃতিক সন্ধিয়াত সংগীতানুষ্ঠান পৰিৱেশনৰ কৰিব অসমৰ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ আৰু অংগৰাগ পাপন মহন্তইয়ে।