ইনষ্টাগ্ৰাম ফটো
ইনষ্টাগ্ৰাম ফটো

নিউজ ডেস্কঃ বিগত বৰ্ষত কৰোণাসৃষ্ট পৰিৱেশৰ বাবে অসমবাসীয়ে ৰঙালীৰ আনন্দৰ পৰা বঞ্চিত হ’ব লগা হৈছিল। কভিডৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত অনুষ্ঠিত কৰিব পৰা নাছিল বিহু সন্মিলনকে ধৰি বিভিন্ন কাৰ্যসূচীৰ।

পিছে এইবাৰ আকৌ বিহু উদযাপনকলৈ অনিশ্চয়তাৰ মাজত আছে শিল্পীসমাজৰ লগতে আয়োজক সকল।

একোটা মোটা অংকৰ বিনিময়ত শিল্পীসকলক এটা অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনোৱা হয়।

অনুষ্ঠানটোৰ বাবে শিল্পীসকলক আগধনো পৰিশোধ কৰিব লগা হয়।

এটা এটা বিহুৰ অনুষ্ঠানৰ বাবদ এইবাৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে মাননি হিচাপে ল’ব ৫-৮ লাখ টকা।

ঠিক সেইদৰে এইবাৰ অসমৰ বিহু মঞ্চত দেখিবলৈ পোৱা যাব অন্যতম জনপ্ৰিয় কন্ঠশিল্পী অংগৰাগ পাপন মহন্তক। মুম্বাইত কৰ্মৰত আছিল বাবেই পূৰ্বৰ বহুকেইটা বৰ্ষত বিহু মঞ্চত দেখিবলৈ পোৱা নগৈছিল পাপনক।

পাপনৰ প্ৰতি মঞ্চৰ মাননী কিমান হয় জানেনে? পাপনে ‘৬-৮ লাখ টকা’ পৰ্যন্ত ল’ব বিহুৰ মাননি।

ঠিক সেইদৰে প্ৰতিখন মঞ্চত প্ৰিয়ংকা ভৰালীয়ে ২-৪ লাখ টকা, নীল আকাশে ‘৪.৫-৪.৮ লাখ টকা, বৰ্ণালী কলিতাই ২.৫-৩.৫ লাখ টকা, তৰালী শৰ্মাই ২-৪ লাখ টকা’, বাবু বৰুৱাই ২.৫-৩ লাখ টকা আৰু কৃষ্ণমণি নাথে ২-৩ লাখ টকা মাননি ল’ব।

আনহাতে নিৰ্মালী দাসে ২.৫-৩.৫ লাখ টকা, ভৃগু কাশ্যপ ২.৫-৪ লাখ টকা, ৰাকেশ ৰিয়ান ৩.৫-৪.৫ লাখ টকা, মন্টুমণি শইকীয়াই ২.৫-৩.২০ লাখ টকা আৰু জিনা ৰাজকুমাৰীয়ে ১.২-১.৮ লাখ টকা।

বেহাৰবাৰী আউট পোষ্টৰ কে কে আৰু মোহনে এইবাৰ প্ৰতিখন মঞ্চৰ বাবদ মাননি হিচাপে ল’ব ১-১.৫ লাখ টকা।

পিছে কভিডৰ ভয়াবহতা দিনে দিনে অসমত বৃদ্ধি পাবলৈ ধৰিছে।

তীব্ৰগতিত সংক্ৰমণ ঘটিছে কভিড-১৯।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি অসমত লকডাউন , নৈশ সান্ধ্য আইন দিয় নহ’ব বুলি ঘোষণা কৰিছে যদিও দুই দোমাজাত আছে ৰাজ্য়বাসী।

মন্ত্ৰী গৰাকীয়ে বিহু অনুষ্ঠিত হোৱাৰ সন্দৰ্ভত এছ অ’ পি উলিওৱা হ’ব বুলি উল্লেখ কৰে।

কভিড সংক্ৰমণে দেশত ভয়াবহ ৰূপ ধাৰণ কৰিছে তাৰ পৰিপ্ৰেক্ষিতত দেশৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে লকডাউন ঘোষণা কৰিছে প্ৰশাসনে।

কোভিড–১৯ ৰ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে বহাগী অনুষ্ঠান সমূহলৈও অনিশ্চয়তা আহি পৰিছে।

মহানগৰী গুৱাহাটীত কোভিডৰ ভয়াৱহ পৰিস্থিতি দেখা দিয়াৰ পিছতেই বহাগ বিহু উদযাপন কৰাকলৈ শিল্পী আৰু সমিতি সমূহৰ মাজত বিহু উদযাপনৰ অনিশ্চয়তা আহি পৰিছে।

বৃহত্তৰ বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিয়ে জনাই যে তেওঁলোকে এইবাৰো ৰঙালী বিহুৰ অনুষ্ঠান অন্তিম বৰ্ষৰ দৰেই উদযাপন কৰাৰ সম্ভাৱনা আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply