ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলতেই অধিক সক্ৰিয় হৈছে স্বাস্থ্য বিভাগ। বৰ্তমান সময়ত ৰাজ্যৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈ আছে বিহুৰ অনুষ্ঠান।
এই বিহুৰ অনুষ্ঠানৰ লগতে বিভিন্ন জনসমাগম হবলগীয়া অনুষ্ঠানৰ সন্দৰ্ভত আজি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ”যি বোৰ জিলাত ৩০০ তকৈ অধিক কোভিদ আক্ৰান্ত সক্ৰিয় ৰোগী আছে তাত বিহু বা আন অনুষ্ঠানৰ বাবে অনুমতি প্ৰদান নকৰিবলৈ জিলা উপায়ুক্তক জনোৱা হ’ব ।
জিলা উপায়ুক্তসকলে এই সম্পৰ্কে কাইলৈৰ ভিতৰত কাৰ্যকৰী হোৱাকৈ নিৰ্দেশনা আহিব । দেওবাৰলৈকে গুৱাহাটীৰ বাহিৰে আন ঠাইত ৩০০ তকৈ অধিক ৰোগী নাই ।গতিকে আন ঠাইত চলি থাকিব পাৰে”।
অৱশ্যে এই নিৰ্দেশনা কাইলৈ জিলা উপায়ুক্তসকলে জাৰি কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে।
শেহতীয়া লক্ষ্যণ সমূহৰ সম্পৰ্কত মন্ত্ৰী গৰাকীয়ে কয়, অসমত কৰোনা নতুন ভেৰিয়েণ্ট, বতাহত বহু দেৰিলৈকে থাকে, হাওঁফাওত গুৰুত্বৰভাৱে প্ৰভাব পেলায়’।