মৰাণ: চেনেহৰ ৰঙালীক আদৰিবলৈ এতিয়া সাজু চহা অসমীয়া। গছে বনে সলাইছে পাত, সজীৱ হৈছে এতিয়া প্ৰকৃতি, উজনি নামনি সকলোতে এতিয়া ঢোলৰ গুমগুমনি, কাৰণ এতিয়া যে বিহু আগমনৰ বতৰা। পদুলি মুখত ৰঙালী বিহু।

চেনেহৰ ৰঙালীক আদৰিবলৈ এতিয়া সাজু চহা অসমীয়া। সম্ভাৱনাৰ বতৰা লৈ অহা বিহু বুলিলেই অসমীয়াৰ গা সাতখন আঠখন। ৰাজ্যজুৰি বিহুৰ আখৰাত ব্যস্ত ঢুলীয়া নাচনী সকল। ৰৈ নাথাকিল কণমানিটিও। মুগাৰ ৰিহা মেখেলা মেৰিয়াই এপাক নাচিলেও।

এইয়া টিংখং সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক কেবিনেট মন্ত্ৰী বিমল বড়াৰ উদ্যোগত টিংখংৰ ৯টা স্থানত অনুষ্ঠিত হোৱা বিনামূলীয়া ঢোল বাদন আৰু বিহু নাচ কৰ্মশালাৰ আয়োজন কৰা হৈছে । প্ৰতিটো কৰ্মশালাত টিংখংৰ পাঁচশৰো অধিক কণ কণ ঢুলীয়া নাচনী কে প্ৰমূখ্যকৰি প্ৰায় পাঁচ হাজাৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহন কৰিছে।


টিংখাঙত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ উদ্যোগত প্ৰায় পাঁচ হাজাৰ শিক্ষাৰ্থীক এই বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ দিয়া হৈছে। সাংস্কৃতিক মন্ত্ৰীক কাষত পাই ফটো উঠাবলৈ হেঁচা মাৰি ধৰিলে কন কন বিহু নাচনীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply