জামুগুৰিহাট,খুমটাইঃ ৰঙালীক আদৰিবলৈ ৰাজ্যজুৰি চলিছে ব্যাপক আয়োজন। সমগ্ৰ ৰাজ্যৰ লগতে খুমটাইৰ বিভিন্নস্থানত অনুষ্ঠিত কৰা হৈছে বিহু কৰ্মশালা । শালমৰামুখত স্বেচ্ছাসেৱী সংগঠন কুঁহিপাতৰ উদ্যোগত শালমৰামুখ গাঁওৰক্ষী বাহিনী আৰু ৰাইজৰ সহযোগত অঞ্চলটোৰ কণ কণ শিশুসকলক প্ৰদান কৰা হৈছে বিহু নৃত্যৰ প্ৰশিক্ষণ। দহদিনীয়া এই কৰ্মশালাখনিত প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰশিক্ষণ লৈছে। ঢোল-পেঁপাৰ সুমধুৰ শব্দত ৰজনজনাইছে শালমৰামুখৰ চৌদিশ ৷
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মুকলি বিহুৰ বাটকটীয়াস্বৰূপ জামুগুৰিহাটতো ৰঙালীক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি ৷ ঢোল-পেপা,গগণাৰ মাতত মুখৰিত হৈ পৰিছে জামুগুৰিহাটৰ আকাশ-বতাহ৷ কন্যকা বহুমুখী কৃষি পামৰ উদ্যোগত আৰু ভৰলীপৰীয়া বিহুৱা দলৰ সহযোগত ৰাজ্যৰ বচা-বচা বিহুৱা-ঢুলীয়া আৰু বিহুৱতী নাচনিৰ তত্বাৱধানত অনুষ্ঠিত হৈছে বিহু কৰ্মশালা ৷ য’ত এইদৰে প্ৰায় ৫ শতাধিক কণ কণ শিশুৰপৰা আৰম্ভ কৰি ডেকা গাভৰুৱে ঢোলবাদন আৰু বিহুনাচৰ প্ৰশিক্ষণ গ্ৰহণ কৰে ৷
চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই আনুষ্ঠানিকভাৱে এই কৰ্মশালাখন উদ্বোধন কৰি শৃংখলাবদ্বতাৰে উপযুক্তভাৱে প্ৰশিক্ষণ দি কণ কণ ছাত্ৰী ছাত্ৰীসকলক আগবঢ়াই নিব পাৰিলে বিহুৰ নিজস্ব স্বকীয়তা ৰক্ষা কৰিব পাৰিব বুলিও মত ব্যক্ত কৰে ৷
লগতে পঢ়কঃৰঙালীক আদৰিবলৈ সাজু তেজপুৰৰ বিশিষ্ট শিল্পী পুষ্পেন্দ্ৰ বৰা