নিউজ ডেস্কঃ বিজনীৰ ২ নং বিষ্ণুপুৰ বজাৰত ইউপিপিএলৰ নিৰ্বাচনী কাৰ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণ।
কাৰ্যালয়ত কোনো নথকাৰ সুযোগ লৈ দুৰ্বৃত্তই লণ্ড-ভণ্ড কৰে কাৰ্যালয়টো।
দুৰ্বৃত্তৰ দলটোৱে কাৰ্যালয়টোৰ চকী, মেজ, ফ্লেগ, বেনাৰ, পোষ্টাৰ আদি ভাঙি-চিঙি তহিলং কৰে।
ইফালে নিৰ্বাচন চলি থকাৰ মাজতে বৰপেটাৰোডত অঘটন।
৯টা ই ভি এম সহ পুৱা প্ৰায় ৯বজাত স্থানীয় ৰাইজে আটক এজন চেক্টৰ অফিচাৰ।
ৰাইজে আটক কৰি চেক্টৰ অফিচাৰ জনক গতাই দিয়ে আৰক্ষীক।
বিষয়াজনে কোৱা মতে, ভোটকেন্দ্ৰলৈ লৈ গৈ আছিল ৯টাকৈ ই ভি এম।
কিন্তু ৯বজাত এই ই ভি এম সমূহ কিয় ভোটকেন্দ্ৰলৈ লৈ যোৱা হৈছিল তাক লৈ সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
এইদৰে নিৰ্বাচন চলি থকাৰ মাজতে বিভিন্ন ঠাইত সংঘটিত হৈছে বিক্ষিপ্ত ঘটনা।