বোকাখাতৰ বিশিষ্ট লিখক বিজু বৰিলৈ আগবঢ়োৱা হৈছে “ৰাষ্ট্ৰীয় গৌৰৱ বঁটা ২০২২”।”অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং” শীৰ্ষক গ্ৰন্থখনৰ কাৰণে বিশিষ্ট লেখক গৰাকীলৈ আগবঢ়োৱা হৈছে এই বিশেষ সন্মান।অলপতে গুৱাহাটীত অনুষ্ঠিত হোৱা অসম গ্ৰন্থ মেলাৰ সময়ত উন্মোচন কৰা উক্ত গ্ৰন্থখনে অতি কম সময়ৰ ভিতৰতে ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো বিশেষভাৱে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙৰ জীৱন ভিত্তিত প্ৰণয়ন কৰা উক্ত গ্ৰন্থখনৰ বাবে বিশিষ্ট লেখক গৰাকীলৈ ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰনালয় আৰু চাৰু কলা সংগঠনে আগবঢ়াইছে ” ৰাষ্ট্ৰীয় গৌৰৱ বঁটা -২০২২” ( নেচনেল প্ৰাইড অফ ইণ্ডিয়া)।

উল্লেখযোগ্য যে বিশিষ্ট লেখক গৰাকীয়ে এইপৰ্যন্ত অশান্ত অসম, মাওবাদৰ ইতিহাস সংগ্ৰাম আৰু অন্যান্য, ভাৰতৰ স্বাধীনতা সংগ্ৰামত শ্বহীদ কমলা মিৰি, সুদক্ষ শিক্ষা বিষয়া আমিনুল হক চৌধুৰী আদৰ্শগত জীৱন আৰু সান্নিধ্য, পদ্মশ্ৰী ইন্দিৰা মিৰি আদৰ্শগত জীৱন আৰু কৃতী শীৰ্ষক আদি কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰি উলিওৱাৰ লগতে সম্পাদনা কৰি কৰিছে বহুকেইখন গুৰুত্বপূৰ্ণ গ্ৰন্থ।

সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবেই ইতিমধ্যে বিশিষ্ট লেখক গৰাকীয়ে লাভ কৰিবলৈ সক্ষম হৈছে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা।ইয়াৰ ভিতৰত “হেমেধৰ পাতিৰিৰ স্মৃতি সাহিত্য বঁটা -২০১৬”, নৃগোষ্ঠী সাহিত্য সেৱী বঁটা-২০১৮”, বাবা চেহেব ড’ আম্বেদকাৰ ৰাষ্ট্ৰীয় ফেল’ শ্বিপ বঁটা-২০২০”, সাহিত্য সৌৰভ সন্মান -২০২১” আদি উল্লেখযোগ্য।

লগতে পঢ়ক- হাতত জাতীয় পতাকা লৈ পদব্ৰজে যাত্ৰা এজন যুৱকৰ

ইফালে গোলাঘাট জিলাৰ অন্তৰ্গত বোকাখাত মহকুমাৰ এটা বানাক্ৰান্ত অঞ্চল “বৰটিকা”ৰ এটি মিচিং জনগোষ্ঠীৰ সাধাৰণ পৰিয়ালত জন্ম গ্ৰহণ কৰি বাৰেকুৰি সমস্যাৰে ভাৰাক্ৰান্ত তথা গাঁৱলীয়া ধূলি বালিৰ মাজেৰে ডাঙৰ দীঘল হোৱা বিশিষ্ট লেখক গৰাকী শেহতীয়াকৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠা কাৰ্যত গৌৰৱ অনুভৱ কৰাৰ লগতে লেখক গৰাকীক অভিনন্দন জনাইছে অঞ্চলবাসীৰ লগতে বিভিন্ন দল সংগঠনে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply