যোৰহাট : পাঁচখনকৈ চুৰিৰ বাইকসহ দুধর্ষ বাইক চোৰ পৰিল জালত। যোৰহাট আৰক্ষীয়ে বাইক চোৰৰ বিৰুদ্ধে অভিযান চলাই এই বিশেষ সাফল্য লাভ কৰে।
যোৰহাট আৰক্ষীয়ে এক বিশেষ অভিযান চলাই পাঁচখনকৈ চুৰিৰ বাইকসহ এজন দুধৰ্ষ বাইক চোৰল গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। যোৰহাট আৰক্ষীয়ে অভিযানত চলাই চুৰিৰ বাইকসহ প্ৰানদীপ কলিতা নামৰ এজন দুধর্ষ বাইক চোৰক গ্ৰেপ্তাৰ কৰে।
লগতে পঢ়ক : Airtel-ৰ গ্ৰাহকৰ বাবে বেয়া খবৰ; বৃদ্ধি কৰা হ’ল প্ৰি পেইড মাচুল
প্ৰানদীপ কলিতা নামৰ দুধৰ্ষ বাইক চোৰজনৰ ঘৰ যোৰহাটৰ চেনিজান মাউট গাঁবত। প্ৰানদীপ কলিতাই দীর্ঘদিন ধৰি যোৰহাটত বাইক চুৰিৰ ঘটনাৰ লগত জড়িত আছিল বুলি জানিব পৰা গৈছে।