তামুলপুৰ : বেজৰ নাকতে খৰ। আৰক্ষী থানাৰ চৌহদৰ ভিতৰৰ পৰাই বাইক চুৰি। তামুলপুৰ আৰক্ষী থানাৰ চৌহদৰ পৰাই চোৰে নিলে বাইক। দুর্ঘটনাগ্ৰস্ত বাইক চোৰে নিলে আৰক্ষী চকীৰ চৌহদৰ পৰাই।

যি সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক অধিক সজাগ আৰু শক্তিশালী ৰূপত প্ৰতিস্থা কৰিব বিচৰিছে সেই সময়তে তামুলপুৰ আৰক্ষী থানাৰ ফোপোলাস্বৰূপ ওলাই পৰিছে। যি সময়ত আৰক্ষীৰ ওচৰলৈ গৈ সাধাৰণ জনতাই সুৰক্ষিত অনুভৱ কৰে তেনে সময়তেই আৰক্ষীৰ থানাৰ ভিতৰতে সুৰক্ষিত নহয় বাইক।

তামুলপুৰ আৰক্ষী থানাৰ চৌহদৰ ভিতৰতে সংঘটিত হৈছে চুৰিকাণ্ড। জানিব পৰা মতে কিছুদিন পূৰ্বে তামুলপুৰৰ এঘাৰ মাইলত সংঘটিত হৈছিল এক সাধাৰণ পথ দুৰ্ঘটনা। এএছ-২৮এ-৮৯১৫ আৰু এএছ-০১-বিডি-৮১২৪ নম্বৰৰ বাইক দুখনৰ মাজত মুখামুখি সংঘৰ্ষ হৈছিল।

তামুলপুৰ আৰক্ষীয়ে বাইক দুখন জব্দ কৰি থানালৈ লৈ আহে। ইফালে সম্পূৰ্ণ নথিপত্ৰ লগত লৈ বাইক দুখনৰ মালিকপক্ষই বাইক দুখন নিবলৈ আহোঁতে আৰক্ষীৰ চকু কপালত উঠে। বাইক দুখনৰ ভিতৰত এএছ-২৮এ-৮৯১৫ নম্বৰৰ আৰ ১৫ বাইকখন আৰক্ষী থানাৰ চৌহদৰ পৰাই চুৰি হয়।

লগতে পঢ়ক : দহ দিনৰ ভিতৰত নোহোৱা হ’ল তিনি শতাধিক পৰিয়ালৰ ঘৰৰ লগতে চৰকাৰী বিদ্যালয়

আৰক্ষী থানাৰ চৌহদৰ পৰাই বাইক চুৰি হোৱা ঘটনাই তামুলপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ২৪ ঘন্টাই থানা চৌহদত আৰক্ষীৰ পহৰা থকাৰ পিছতো কিদৰে থানা চৌহদৰ ভিতৰত চুৰিকাণ্ড সংঘটিত হ’বলৈ পালে। তামুলপুৰ আৰক্ষী থানাৰ ভিতৰতে সংঘটিত হোৱা এই চুৰিকাণ্ডই সমগ্ৰ আৰক্ষী বিভাগক লজ্জানত কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply