নলবাৰী – নলবাৰীত “কা” বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বাইক ৰেলী। নলবাৰী জিলা সমিতিৰ উদ্যোগত “কা” বিৰিধিতাৰে বাইক ৰেলী। বিজেপি চৰকাৰ বিৰোধী শ্ল’গানেৰে ৰাজপথ উত্তাল।
ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ। নিৰ্বাচনী গৰম বতাহক অধিক উত্তপ্ত কৰিছে “কা” বিৰোধী শ্ল’গানে। নলবাৰীৰ আকাশ বতাহ উত্তাল কৰিলে “কা” বিৰোধী শ্ল’গানে।
বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে “কা”ৰ বিৰোধিতাৰে উলিয়াই এক বিশাল বাইক ৰেলী। নলবাৰী চহৰৰ এন টি ৰোডৰ পৰা বাইক ৰেলী উলিয়াই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকর্তা সকলে চহৰখনৰ বিভিন্ন প্ৰান্তত ঘুৰি ফুৰে।
প্ৰতিবাদকাৰী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকর্তা সকলে “কা” আমি নামানো, “কা” বাতিল কৰক, বিজেপি মূর্দাবাদ আদি শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলে “কা” বাতিলৰ লগতে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰাৰো দাবী জনায়।