গুৱাহাটীঃ যোৱা ১৫ মাৰ্চত গড়ভঙা হিল এলেকাত আৰক্ষী এনকাউন্টাৰত মৃত্যু হোৱা বিকি আলীৰ সন্দৰ্ভত উপ আৰক্ষী আয়ুক্তৰ পৰা পোৱা এক জাননীৰ মৰ্মে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে।

অতিৰিক্ত জিলা দণ্ডাধীশ বিপুল কুমাৰ দাসক এই সমগ্ৰ ঘটনাটোৰ তদন্তৰ দায়িত্ব অৰ্পন কৰিছে জিলা দণ্ডাধীশ পল্লৱ গোপাল ঝাই। অতিৰিক্ত দণ্ডাধীশজনক কাৰ্যবাহী দণ্ডাধীশ ৰিমজিম কোঁৱৰে এই তদন্তৰ ক্ষেত্ৰত সহায় কৰিব।

অসম মানৱ অধিকাৰ আয়োগ-ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক দাখিল কৰিব পৰাকৈ তেওঁলোকক ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ এক নিৰ্দেশনাত কোৱা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply