বিলাসীপাৰা– আজি তৃতীয় পৰ্যায়ৰ বিধানসভাৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন।
অন্তিমটো দিনত পশ্চিম বিলাসীপাৰা সমষ্টিত ৬ গৰাকী প্ৰাৰ্থী আৰু পূব বিলাসীপাৰাত ৮ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ।
ইয়াৰে ২৬ নং পশ্চিম বিলাসীপাৰা সমষ্টিৰ বাবে বিজেপিৰ পৰা ডাঃ আবু বক্কৰ ছিদ্দিক, ৰাইজৰ দলৰ পৰা আলী আকবৰ মিঞা, টিএমচিৰ পৰা আব্দুৰ ৰেজ্জাক, জেডিএৰ পৰা ইফতাৰুল ইছলাম, অজাপৰ পৰা ডাঃ আনেচ আহমেদ, নেচনেল ৰোড মেপ পাৰ্টি অৱ ইণ্ডিয়াৰ পৰা আকবৰ আলী মণ্ডলে মনোনয়ন পত্ৰ দাখিল কৰে।
আৰু পঢ়কঃপ্ৰধানমন্ত্ৰীৰ আগমনকলৈ চাবুৱাত বিশাল আয়োজন
আনহাতে পূব বিলাসীপাৰা সমষ্টিত ৰিপাব্লিক পাৰ্টি অৱ ইণ্ডিয়াৰ পৰা প্ৰদীপ চন্দ্ৰ ৰায়, ৰাইজৰ দলৰ পৰা মছলেম উদ্দিন চৌধুৰী, আৰ এল এছ পিৰ পৰা মজনুৰ ৰহমান, আৰু নিদ্দলীয় হিচাপে সন্দীপ দেৱনাথ, ধনেশ্বৰ ৰায়, জীতেন্দ্ৰ নাথ অধিকাৰী, মমিনুৰ ইছলাম, আৰু আব্দুল জব্বাৰে বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্যালয়ত পৃথকে পৃথকে দাখিল কৰে মনোনয়ন পত্ৰ।
আৰু পঢ়কঃচাহ শ্ৰমিকক লৈ এতিয়া লান্স-ডিনাৰৰ ৰাজনীতি
শতাধিক দলীয় কৰ্মকৰ্তা আৰু সমৰ্থকৰে সৈতে ৰেলী কৰি প্ৰাৰ্থী কেইগৰাকীয়ে দাখিল কৰে মনোনয়ন পত্ৰ ।