প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

বিলাসীপাৰাঃ বিলাসীপাৰাত আৰক্ষীৰ জালত পৰিল চাৰিটা দুৰ্ধৰ্ষ চোৰ।

ধৃত চোৰ কেইটা সূৰ্যখাতা ২নং ৱাৰ্ডৰ কেয়ামুদ্দিন আলী, ইছলাম হক আৰু কোকৰাঝাৰ গুটিৰপাৰাৰ নবিউল ইছলাম আৰু বাঙালীপাৰা নুৰ আমিন বুলি জানিব পৰা গৈছে।

এই চোৰৰ দলটোৱে সূৰ্যখাতা ২ নম্বৰ ৱাৰ্ডৰ বাসিন্দা আব্দুছ ছাত্তাৰৰ বাসগৃহত কোনো নথকাৰ সুযোগ লৈ চুৰি কাৰ্য সংঘটিত কৰিছিল।

প্ৰায় ডেৰ লক্ষাধিক মূল্যৰ সোণ ৰূপৰ আ অলংকাৰ চুৰি কৰিছিল চোৰ কেইটাই।

অৱশেষত বিলাসীপাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ শৰ্মাৰ নেতৃত্বত চলোৱা এক অভিযানত আৰক্ষীয়ে কৰায়ত্ত কৰে চোৰকেইটা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply