গুৱাহাটী : আজি মহা সপ্তমী। পুৱাৰ ভাগৰে পৰা মণ্ডপে মণ্ডপে ভক্ত সকলে ভিৰ কৰিছে দেৱী দুৰ্গাক পূজাৰ আগবঢ়াবলৈ। ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে এইবাৰ পূৰ্বৰ দৰে ৰাইজৰ মাজত পূজাকলৈ উৎসাহ নাই যদিও সপ্তমী উপলক্ষে দেৱীৰ আশীষ লবলৈ ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে। ক’ভিডৰ বাবে পূজা মণ্ডপ সমূহতো নাই পূৰ্বৰ জাক জমকতা।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে মহানগৰী গুৱাহাটীতো পূজা সমিতি সমূহে অতি কম বাজেটৰ পূজা অনুষ্ঠিত কৰিছে। মহানগৰী গুৱাহাটীৰ বিষ্ণুপুৰৰ বিমলানগৰ দুৰ্গা পূজা কমিটিয়ে প্ৰতিবছৰে নিজৰ পূজা মণ্ডপৰ জৰিয়তে গুৱাহাটীবাসী ৰাইজৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়।
এইবাৰ বিমলানগৰ দুৰ্গা পূজা কমিটিৰ বাজেট পূৰ্বৰ তুলনাৰ বহু কম যদিও এই পূজা কমিটিৰ মণ্ডপে কিন্ত এইবাৰো ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। মাত্ৰ দুই লাখ টকা বাজেটত বিমলানগৰ দুৰ্গা পূজা কমিটিয়ে নিৰ্মাণ কৰিছে এক ব্যতিক্ৰমী পূজা মণ্ডপ।
বিগত দুবছৰ ধৰি সমগ্ৰ বিশ্বতে মানৱ জাতিৰ সন্মুখত এক বৃহৎ সংকট হিচাপে থিয় দিছে ক’ভিড মহামাৰীয়ে। ইতিমধ্যে এই ভয়ংকৰ ভাইৰাছৰ কবলত পৰি প্ৰাণ হেৰুৱাইছে লাখ লাখ লোকে। কিন্তু মানৱ জাতিও সহজে হাৰ মানি লোৱা নাই এই ভাইৰাছ লগত যুঁজি।
ক’ভিডৰ প্ৰথম ঢৌৰ পৰাই সমগ্ৰ মানৱ জাতিক ৰক্ষা কৰিবলৈ সমাজৰ একাংশ লোকে সন্মুখৰ পৰা ক’ভিডৰ লগত যুঁজ দি আছে। ক’ভিডৰ লগত যুঁজ দি থকা এই ক’ভিড যোদ্ধা সকলক এইবাৰ পূজা মণ্ডপৰ জৰিয়তে সন্মান প্ৰদৰ্শন কৰিছে বিমলানগৰ দুৰ্গা পূজা কমিটিয়ে।
ক’ভিডৰ এই যুঁজৰ সবাতোকৈ প্ৰথম শাৰীৰ যোদ্ধা হৈছে চিকিৎসক সকল। ক’ভিড প্ৰতিষেধকৰ পৰা ক’ভিড ৰোগীৰ চিকিৎসা পৰ্যন্ত চিকিৎসক সকলৰ যি অৱদান আছে ইয়াৰ বাবেই আজি মানৱ জাতি বিগত দুবছৰ ধৰি ক’ভিডৰ লগত যুদ্ধ চলাই যাবলৈ সক্ষম হৈছে।
লগতে পঢ়ক : ২ বছৰৰ ওপৰৰ শিশুক ক’ভেক্সিন প্ৰদানৰ অনুমতি
ক’ভিড মহামাৰীৰ প্ৰথম আৰু দ্বিতীয় ঢৌত সমগ্ৰ বিশ্বতে চিকিৎসা সেৱাৰ লগত জড়িত বহু চিজিৎসক আৰু নাৰ্চে নিজৰ জীৱন আহুতি দিব লগীয়া হৈছে। মানৱ জাতিৰ ৰক্ষাৰ বাবে চিকিৎসা সেৱাৰ লগত জড়িত যি সকল লোকে নিজৰ প্রাণ হেৰুৱাইছে সেই সকল লোকক বিমলানগৰ দুৰ্গা পূজা কমিটিয়ে নিজৰ পূজা মণ্ডপৰ মাধ্যমেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।