গুৱাহাটীঃ বাক্সা জিলাৰ মুছলপুৰস্থিত যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। অভিযানত হাতে লুটে দুৰ্নীতি নিবাৰক শাখাই আটক কৰে স্বাস্থ্য বিভাগৰ এগৰাকী উচ্চ বৰ্গৰ সহায়কক।

জানিব পৰা মতে, নীলিমা ভূঞা নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত নাৰ্ছৰ পেন্সনৰ কামৰ বাবে পৰা ৫,০০০ টকা দাবী কৰিছিল উচ্চবৰ্গৰ সহায়ক বিপিন কলিতাই।

দাবী কৰা ধন লোৱাৰ সময়তে কাৰ্যালয়টােত পূৰ্বৰে পৰা খাপ পিটি থকা ভিজিলেঞ্চৰ অভিযানকাৰী দলৰ হাতত হাতেলুটে ধৰা পৰে বিপিন কলিতা। এই সন্দৰ্ভত আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে টুইটযোগে অৱগত কৰে।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি কাৰ্যালয়টোত উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল। দুৰ্নীতি নিবাৰক শাখাই বৰঝাৰৰ বিপিন কলিতাৰ নিজা বাসগৃহত তালাচী চলোৱাৰ অন্তত মুছলপুৰস্থিত যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত অভিযান চলাইছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,390 other subscribers

Leave a comment

Leave a Reply Cancel reply