বীৰ লাচিত সেনাই তলা লগালে

লখিমপুৰত বীৰ লাচিত সেনাই তলা লগালে চিকে’ এচ’ছিয়েট কোম্পানীৰ কাৰ্যালয়ত।
এই ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি লখিমপুৰ টাউনত।

এবছৰ ধৰি বাণিজ্যিক অনুজ্ঞাপত্ৰ নোহোৱাকৈ চলি থকাৰ উপৰি ম্যাদ ওকলা শিশু খাদ্য ৰ পেকেটে গুদামত জমা কৰি বিক্ৰী কৰাৰ অভিযোগ।

বীৰ লাচিত সেনাৰ সদস্য ই শনিবাৰে বিয়লি কাৰ্যালয়টোত এনে বিসংগতি প্ৰত্যক্ষ কৰি প্ৰশাসনক অৱগত কৰাৰ উপৰি তদন্ত নোহোৱা পৰ্যন্ত কাৰ্যালয়টো খুলিব নোৱাৰা কৈ তলা লগাই দিয়ে।

কোম্পানীটোৰ বিৰুদ্ধে অভিযোগৰ বিপৰীতে শাখা পৰিচালক জনে কৰোণাৰ বাবে অনুজ্ঞাপত্ৰ নবীকৰণ কৰিব নোৱাৰা, জ্বলাই দিয়াৰ বাবেহে ম্যাদ ওকলা শিশু খাদ্যৰ পেকেটে জমা ৰখা বুলি মন্তব্য দিয়ে।

শিশুৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ উঠা এই ঘটনা সম্পর্কে প্ৰশাসন অথবা পৌৰ সভাই কি ব্যবস্থা গ্রহণ কৰে সেইয়া লক্ষ্যণীয় হব।

লগতে পঢ়ক-বিখ্যাত IOWA বিশ্ববিদ্যালয়ত গৱেষণাৰ বাবে যাত্ৰা তিনিচুকীয়াৰ লক্ষীমা চুতীয়াৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply