টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে ২০১৩ বৰ্ষৰেপৰা প্ৰদান কৰি অহা বীৰাঙ্গনা মূলাগাভৰু বঁটা এইবাৰ বিশিষ্ট সংগ্ৰামী নেত্ৰী, আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱৈ তথা সুসাহিত্যিক সুমিত্ৰা হাজৰিকাক প্ৰদান কৰা হ’ব।

২০১৬ বৰ্ষত ৰাষ্ট্ৰপতিৰদ্বাৰা নাৰীশক্তি বঁটা প্ৰাপক সুমিত্ৰা হাজৰিকা বৰ্তমান গুৱাহাটীৰ বাসিন্দা। উল্লেখ্য যে, অসমৰ জাতীয় বীৰাঙ্গনা মূলাগাভৰুৰ জীৱনাদর্শ, বলিষ্ঠ ভূমিকা আৰু ত্যাগক গভীৰ শ্ৰদ্ধা আৰু উচিত মর্য্যদাৰে সুঁৱৰি ২০১৩ বর্ষৰপৰা ক্ৰমাগতভাৱে ঐতিহ্যমণ্ডিত সোণাৰি নগৰত অনুষ্ঠিত কৰি আহিছে ”বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান৷

অসমৰ সমাজ জীৱন, শিক্ষা, সাহিত্য আৰু নাৰীৰ উত্তৰণৰ বাবে বিশেষ অৱদান আগবঢ়োৱা বৰেণ্যা নাৰী প্ৰয়াত চিত্ৰলতা ফুকন(২০১৩), বীৰুবালা ৰাভা(২০১৪), নিৰুপমা বৰগোহাঞি(২০১৫) ড০ অনিমা গুহ(২০১৬) আৰু ড০ সুখ বৰুৱা(২০১৭), অসমৰ বিশিষ্ট সংগীতশিল্পী, সুকণ্ঠী গায়িকা দিপালী বৰঠাকুৰক (২০১৮), বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱা (২০১৯) আৰু ৰতিপ্ৰভা গগৈ (২০২১)ক ইতিমধ্যে প্ৰদান কৰা হৈছে বীৰাঙ্গনা মূলাগাভৰু বঁটা ৷

লগতে পঢ়ক- জিএমচিএইচৰ শৌচালয়ত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply