সোণাৰি: প্ৰৱল প্ৰতাপী মোগল সৈন্যৰ বিৰুদ্ধে যুঁজ দি যুদ্ধক্ষেত্ৰত প্ৰাণত্যাগ কৰা বীৰাঙ্গনা মূলা গাভৰুৰ স্মৃতিত ২০১৩ বৰ্ষৰ পৰা প্ৰদান কৰি অহা মূলাগাভৰু বঁটাটি এইবাৰ সোণাৰি মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষা তথা বিশিষ্ট লেখিকা ৰতিপ্ৰভা গগৈলৈ আগবঢ়োৱা হয়। সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত অষ্টম বাৰ্ষিক বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান অনুষ্ঠানত প্ৰদান কৰা হয় বঁটাটি।

উল্লেখ্য যে টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ চৰাইদেউ জিলা সমিতিয়ে অসমৰ জাতীয় বীৰাঙ্গনা মূলাগাভৰুৰ জীৱনাদর্শ, বলিষ্ঠ ভূমিকা আৰু ত্যাগক গভীৰ শ্ৰদ্ধা আৰু উচিত মর্য্যদাৰে সুঁৱৰি ২০১৩ বর্ষৰপৰা ক্ৰমাগতভাৱে ঐতিহ্যমণ্ডিত সোণাৰি নগৰত অনুষ্ঠিত কৰি আহিছে ”বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান৷

অসমৰ সমাজ জীৱন, শিক্ষা, সাহিত্য আৰু নাৰীৰ উত্তৰণৰ বাবে বিশেষ অৱদান আগবঢ়োৱা বৰেণ্যা নাৰী প্ৰয়াত চিত্ৰলতা ফুকন(২০১৩), বীৰুবালা ৰাভা(২০১৪), নিৰুপমা বৰগোহাঞি(২০১৫) ড০ অনিমা গুহ(২০১৬) আৰু ড০ সুখ বৰুৱা(২০১৭), অসমৰ বিশিষ্ট সংগীতশিল্পী, সুকণ্ঠী গায়িকা দিপালী বৰঠাকুৰক (২০১৮) আৰু বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাক (২০১৯) ক ইতিমধ্যে প্ৰদান কৰা হৈছে বীৰাঙ্গনা মূলাগাভৰু বঁটা৷

টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত মূলাগাভৰু ন্যাস সমিতি আৰু চৰাইদেউ জিলাবাসীৰ সহযোগত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত এসাঁজ টাই জনগোষ্ঠীয় পোছাক, এখন হেংদান, প্ৰশস্তি পত্ৰ আৰু নগদ ধনেৰে বিশিষ্ট লেখিকা তথা সোণাৰি মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষা ৰতিপ্ৰভা গগৈক বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানতে চৰাইদেউ জিলাৰ সংবাদকৰ্মী সকলক সম্বৰ্ধনা জনোৱা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply