YouTube video

গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসৰ এদিন পিছতে জাকে জাকে বগলী নিধন। দক্ষিণ কামৰূপৰ ৰামপুৰৰ দৰাবিলত বগলী নিধনত নামিল একাংশ দুৰ্বৃত্ত। স্থানীয় ৰাইজে বগলী কেইটা উদ্ধাৰ কৰাৰ লগতে আটক কৰে দুজন দুৰ্বৃত্তক। আৰক্ষীয়ে বগলী নিধন কাৰ্যত জড়িত থকা দুৰ্বৃত্ত দুজনক আটক কৰি বগলী কেইটা বন বিভাগক গতাই দিয়ে।

পৰিৱেশ সংৰক্ষণৰ উদ্দেশ্যে প্ৰতিবছৰে বিশ্ববাসীয়ে ৫ জুন তাৰিখে পালন কৰে বিশ্ব পৰিৱেশ দিৱস। ৫ জুন তাৰিখে গছ পুলি ৰোপণ কৰি প্ৰকৃতিৰ লগতে বন্যপ্ৰাণী ৰক্ষাৰ বাবে বিশ্ববাসীৰ মাজত সজাগতা সৃষ্টি কৰা হয়। এইবাৰো প্ৰতিবছৰৰ দৰে সমগ্ৰ বিশ্বত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱসত। অসমতো বিশ্ব পৰিৱেশ দিৱসৰ দিনা ঠায়ে ঠায়ে গছ পুলি ৰোপণ কৰা পৰিলক্ষিত হয়।

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এফালে ৫ জুন তাৰিখে ৰোপণ কৰা হয় গছ পুলি আৰু আনফালে বিশ্ব পৰিৱেশ দিৱসৰ পিছৰ দিনাই অৰ্থাৎ ৬ জুন তাৰিখে চলে পক্ষী নিধনযজ্ঞ। বিভিন্ন পৰিভ্ৰমী চৰাইৰ বিচৰণস্থলী অসমতে বিশ্ব পৰিৱেশ দিৱসৰ এদিন পিছত চলিল পক্ষী নিধনযজ্ঞ। মহানগৰী গুৱাহাটীৰ কাষৰীয়া ৰামপুৰৰ দৰাবিলত বগলী নিধন কাৰ্যত নামি পৰে একাংশ দুৰ্বৃত্ত।

দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত দৰাবিল বিভিন্ন পৰিভ্ৰমী চৰাইৰ বিচৰণস্থলী। এই দৰাবিলৰ প্ৰকৃতিক পৰিৱেশে বিভিন্ন প্ৰজাতিৰ দেশী-বিদেশী চৰাইক আপ্লুত কৰে কিন্তু বৰ্তমান একাংশ প্ৰকৃতি ধ্বংসকাৰীৰ বাবে হ্ৰাস পাইছে দৰাবিলৰ গৰিমা। যি সময়ত চৰকাৰে “ৰাইমোনা অভয়াৰণ্যক” ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিছে, সেই সয়তে একাংশ প্রকৃতি ধ্বংসকাৰীয়ে শ শ বগলী নিধন কৰিছে দৰাবিলৰ বাকৰিত।

আৰু পঢ়কঃ সোণাৰিত গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ ৫৭ সংখ্যক স্মৃতি দিৱস উদযাপন

দেওবাৰে ৰামপুৰ সিদিৰপুখুৰী ৰাইজে প্ৰায় শতাধিক বগলী উদ্ধাৰ কৰাৰ লগতে বগলী নিধন কাৰ্যত জড়িত থকা নিকটৱৰ্তী চিমিনাগাঁৱৰ মুন আলী, টিকু আলী, চেৰ খান, ৰাজু আলী আৰু হাকিম আলী নামৰ যুৱক কেইজনক আটক কৰি ৰাখে। ইয়াৰে তিনিজন সুবিধাবুজি পলাবলৈ সক্ষম হয় যদিও দুজন দুৰ্বৃত্তক ৰাইজে বিজয়নগৰ আৰক্ষীক গতাই দিয়ে। আৰক্ষীয়ে পৰৱৰ্তী সময়ত যুৱক দুজনক আটক কৰি বগলী কেইটা বন বিভাগক চমজাই দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply