ৰূপহীহাট : জুৰীয়াৰ কলনিজলাহ গাঁৱত নিশা চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান। বন বিভাগৰ অভিযানত উদ্ধাৰ বহু কাম আৰু ডাউক চৰাই। পূৰ্বেও কেইবাবাৰো বন বিভাগে অভিযান চলাই উদ্ধাৰ কৰিছিল চৰাই।
নগাঁও জিলাৰ লাওঁখোৱা অভয়াৰণ্যৰ গড়াজান বনাঞ্চলিক বিষয়াৰ নেতৃত্বত দেওবাৰে নিশা বন বিভাগে চোৰাং চিকাৰীৰ বিৰুদ্ধে এক অভিযান চলায়। বন বিভাগৰ দলটোৱে জুৰীয়াৰ কলনিজলা গাঁৱত চলায় এই অভিযান।
অভিযান কালত বন বিভাগৰ দলটোৱে বহু কেইটা কাম আৰু ডাউক চৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হয়। চোৰাং চিকাৰীৰ দলে ব্যৱহাৰ কৰা অত্যাধুনিক অডিঅ’ ৰেকৰ্ডাৰ লগতে ছয়টাকৈ বেটাৰী জব্দ কৰে বন বিভাগৰ দলে।চোৰাং চিকাৰীয়ে চৰাই চিকাৰ কাৰ্যত ব্যৱহাৰ কৰি আহিছে এই সমূহ অত্যাধুনিকতা অডিঅ’ ৰেকৰ্ডাৰ।
লগতে পঢ়ক : দুঘন্টাৰ বাবে জ্বলাব পাৰিব আতচবাজী, উচ্চ প্ৰাবল্যৰ ফটকা নিষেধ
অৱশ্যে অভিযানত কোনো চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগৰ দলটোৱে। উল্লেখ্য যে পূৰ্বেও কেইবাবাৰো বন বিভাগে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই বহু কাম আৰু ডাউক চৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।