জামুগুৰিহাটঃ অসুস্থ এটা চিলনীক চিকিৎসা কৰি সুস্থ কৰি তুলি পুনৰ মহানুভৱতাৰ পৰিচয় দিলে সৰ্পবন্ধু সৌৰভ বৰকটকীয়ে।

উষানগৰী তেজপুৰৰ বেঙ্গলী থিয়েটাৰ হলৰ সমীপত থকা এজোপা গছত চিলা উৰুৱা সূতাত পাখীৰ মাজত পাক খাই এটা চিলনী চৰাই তিনিদিন ধৰি অতি গুৰুত্বৰভাৱে ওলমি থকা দেখি স্থানীয় ৰাইজে অসুস্থ চিলনীটো সাৱধানে নমাই আনি অঞ্চলৰে প্ৰকৃতিপ্ৰেমী যুৱক তুলসী ৰঞ্জন দাসে সৰ্পবন্ধু খ্যাত সৌৰভ বৰকটকীক ফোন যোগে খবৰ দিয়ে ।

সৌৰভে ঘটনাস্থলীত উপস্থিত হৈ অসুস্থ চিলনী চৰাইটো প্ৰকৃতিপ্ৰেমী ৰাজপল্লভ শৰ্মাৰ সহযোগত ঘৰলৈ লৈ আনে।

লগতে পঢ়কঃপুত্ৰক হত্যা, পত্নীক হত্যাৰ চেষ্টা চলাই নিজে আত্মহত্যা কৰিলে

তাৰপিছত চৰকাৰী পশু চিকিৎসক ড° তিৰ্থ সিঙৰ লগত সৌৰভে উন্নত চিকিৎসা সম্পন্ন কৰাত চিলনীটো সম্পূৰ্ণ সুস্থ হৈ পৰে ।

আজি চিলনীটো সৰ্পবন্ধু সৌৰভ বৰকটকী আৰু প্ৰকৃতিপ্ৰেমী ৰাজপল্লভ শৰ্মাই মুকলি ঠাইলৈ নি উৰুৱাই দিয়ে। তেওঁলোকৰ এনে মহান কৰ্মৰ বাবে বন বিভাগৰ উচ্চ পদস্থ বিষয়া আৰু শৈক্ষিক মহলে ভূয়সী প্ৰশংসা কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply