গুৱাহাটী : খাৰঘুলীৰ ড্ৰাগছৰ পাৰ্টীত কোকেইন যোগান ধৰা বিশাল চৌধুৰী ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে। দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে কোকেইন সৰবৰাহকাৰী বিশাল চৌধুৰীক। আৰক্ষীৰ জালত বিশাল চৌধুৰী পৰাৰ পিছত খোল খাবলৈ ধৰিছে ড্ৰাগছ সাম্ৰাজ্যৰ বহু কথা। ড্ৰাগছ সাম্ৰাজ্যৰ ভিতৰুৱা কথা জনাৰ পুর্বে বিশাল চৌধুৰীৰ সম্পৰ্কে জানো আহক।

দিল্লীৰ পৰা অসম আৰক্ষীয়ে দিল্লী আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰা বিশাল চৌধুৰী পিছে দিল্লীৰ বাসিন্দা নহয়। বিশাল চৌধুৰী অসমৰ বাসিন্দা। গুৱাহাটী মহানগৰীৰ শ্ৰীনগৰত ঘৰ বিশাল চৌধুৰীৰৰ। দিল্লীৰ শিক্ষা গ্ৰহণ কৰিবলৈ অসমৰ পৰা দিল্লীলৈ গৈছিল বিশাল চৌধুৰী।

দিল্লীত সাংবাদিকতাৰ শিক্ষা গ্ৰহণ কৰাৰ পিছত বিশাল চৌধুৰীয়ে ইভেন্ট মেনেজমেন্টত নামিছিল। ইভেন্ট মেনেজমেন্টত জগতখনতে বিশাল চৌধুৰীৰ চিনাকী হৈছিলে ড্ৰাগছ ব্যৱসায়ীৰ লগত। বিভিন্ন প্ৰাৰ্থীত তেতিয়াৰ পৰাই বিশাল চৌধুৰীয়ে কোকেইনৰ লগতে অন্যান্য ড্ৰাগছ যোগান ধৰি আহিছিল।

ভিতৰুৱা খবৰ অনুসৰি বিশাল চৌধুৰীৰ নাইজেৰিয়ান ড্ৰাগছ মাফিয়াৰ লগত চিনাকী আছে। এই নাইজেৰিয়ান ড্ৰাগছ মাফিয়াৰ পৰাই কোকেইন সংগ্ৰহ কৰিছিল বিশাল চৌধুৰীয়ে। গুৱাহাটীৰ ড্ৰাগছ পাৰ্টিৰ বাবেও নাইজেৰিয়ান ড্ৰাগছ মাফিয়াৰ পৰা কোকেইন আনিছিল বিশাল চৌধুৰীয়ে।

খাৰঘুলীৰ ৰিভেৰিয়া এপাৰ্টমেন্টত ড্ৰাগছৰ পাৰ্টীত জব্দ হোৱা কোকেইন বিশাল চৌধুৰীয়ে অশোক বৰ্মনৰ সহযোগত অসমলৈ পঠিয়াইছিল। পূৰ্বৰ প্ৰেমিকাৰ জৰিয়তে অশোক বৰ্মনৰ চিনাকী হৈছিল বিশাল চৌধুৰীৰ লগত। খাৰঘুলীৰ ৰিভেৰিয়া এপাৰ্টমেন্টৰ ১৩ আগষ্টৰ ড্ৰাগছৰ পাৰ্টীত ১৮ জন লোক উপস্থিত আছিল।

লগতে পঢ়ক : তেজপুৰত হৰিণাৰ ছালসহ আটক এজন

অমৃত বৰুৱা নামৰ এজনৰ জন্মদিন উদযাপন উপলক্ষে ৰিভেৰিয়া এপাৰ্টমেন্টত থকা বিকাশ জৈনৰ ঘৰৰ ড্ৰাগছৰ পাৰ্টী অনুষ্ঠিত হৈছিল। ১৮ লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। য’ত ৫ গৰাকী মহিলাও আছে। দিল্লীৰ পৰা কোকেইন যোগান ধৰা বিশাল চৌধুৰী ইতিমধ্যে ৯ দিনৰ বাবে আৰক্ষীৰ জিম্মাত আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,286 other subscribers

Leave a comment

Leave a Reply