সোণাৰিত বিষ্ণুৰাভা দিৱস উদযাপন

সমগ্ৰ ৰাজ্যৰ লগতে সোণাৰিতো পালন কৰা হয় বিষ্ণুৰাভা দিৱস । সোণাৰিৰ বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্টুপীয়াকৈ অনুষ্ঠিত হয় ৰাভা দিৱসৰ কাৰ্যসূচী। ক’ভিডৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ বন্ধ হৈ আছে যদিও বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰি পালন কৰা হয় ৰাভা দিৱসৰ কাৰ্যসূচী।

কামপুৰত বিষ্ণুৰাভা দিৱস উদযাপন

কামপুৰত বিজেপি গৰুবাট মৌজা যুৱ মৰ্চাৰ বিষ্ণু ৰাভা দিৱস উপলক্ষে ব্যতিক্ৰমী পদক্ষেপ। চচিয়েল মিডিয়াত বাঁহী বাদনে নিজৰ সুপ্ত প্ৰতিভাক সমাজৰ আগত নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা নৱজ্যোতি লস্কৰক ৰাভা দিৱসৰ দিনাই সম্বৰ্ধনা জনাই যুৱ মৰ্চাৰ সদস্য সকলে।

আনহাতে তেওঁলোকে সাংস্কৃতিক মন্ত্ৰী গৰাকীক নৱজ্যোতি লস্কৰক কিছু সহায় কৰি আৰু আগবাঢ়ি যাবৰ বাবে সহায় কৰিবলৈ আহ্বান জনায়।

লগতে পঢ়ক নৃত্য গীতৰ মাজেৰে তেজপুৰত বিষ্ণু ৰাভা দিৱস উদযাপন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply