গুৱাহাটী : গুৱাহাটী ফাঁচী বজাৰৰ নিকটৱর্তী ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত বীৰ লাচিত বৰফুকনৰ প্রতিমূর্তিৰ সমীপত আজি সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা প্রশাসনৰ সহযােগত লাচিত দিৱস উদযাপন কৰা হয়। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, গুৱাহাটী লােকসভা সমষ্টিৰ সাংসদ কুইন ওজা, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, স্বৰ্গদেও চাউলুং চুকাফা সমন্বয় ক্ষেত্র সমাজৰ উপাধ্যক্ষ ড° দয়ানন্দ বৰগোঁহাই, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গােপাল ঝাকে ধৰি প্ৰশাসনৰ শীৰ্ষৰ বিষয়াসকল আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ বিষয়া-বর্গ আদি উপস্থিত থাকে।

এই অনুষ্ঠানত মুখ্য অতিথি বিশ্বজিৎ দৈমাৰীয়ে লাচিত দিৱসৰ লগত সংগতি ৰাখি কয় যে অসমখন হৈছে বীৰ-ভূমি। অসমখনক বাদ দি মহাভাৰত সম্পূর্ণ নহয় বুলি উল্লেখ কৰি তেওঁ ভগদত্ত, নৰকাসুৰ ঘটোৎকচ আদি অসমৰ তাহানিৰ বীৰসকলৰ বীৰত্বৰ বিষয়ে বক্তব্য প্রদান কৰে৷ নৱপ্ৰজন্মক লাচিত বৰফুকনৰ দৰে বীৰ তথা ইতিহাসৰ জ্ঞান প্রদান নকৰিলে কালক্ৰমত নৱপ্ৰজন্মই একালৰ ইতিহাসক কাল্পনিক কাহিনীলৈ ৰূপান্তৰ কৰিব বুলি ভাষণত মন্তব্য কৰে। সেইদৰে গুৱাহাটী লােকসভা সমষ্টিৰ সাংসদ কুইন ওজায়াে তেখেতৰ বক্তব্যত লাচিত বৰফুকন জড়িত অসমৰ ইতিহাস স্মৰণ কৰে আৰু ভৱিষ্যত প্রজন্মক লাচিত বৰফুকনৰ দৰে বীৰৰ বিষয়ে জানিবলৈ উৎসাহ প্রদান কৰে।

লগতে পঢ়ক : ছয়গাঁৱত জব্দ কয়লা ভৰ্তি ট্ৰাক: আটক দুজন

অসম সাংস্কৃতিক সঞ্চালকালয়ৰ দ্বাৰা নিবেদিত অনুপজ্যোতি চৌধুৰীৰ দ্বাৰা ৰচিত ‘বীৰ লাচিত বৰফুকন’ নামৰ আলেখনিয়ে আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত সাংস্কৃতিক উন্নয়ন বিষয়া ৰবীন ডেকাৰ কবিতা আবৃত্তিয়ে অনুষ্ঠানটোৰ সৌষ্ঠৱ অধিক বৃদ্ধি কৰে৷ আনহাতে, এই অনুষ্ঠানৰ পিছতে অসম বিধানসভাৰ অধ্যক্ষগৰাকীয়ে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্রৱেশ কৰে আৰু কাৰ্যালয়ত থকা বীৰ লাচিত বৰফুকনৰ প্রতিচ্ছবিত বন্তি প্রজ্জ্বলন আৰু পুস্পাঞ্জলি অর্পন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply