বিশ্বনাথঃ বিশ্বনাথ মহাবিদ্যালয়ৰ শিক্ষা বিভাগে শনিবাৰে বৰ্দ্ধিত কাৰ্যসূচীৰ অন্তগৰ্ত গুৰু পাঠ্যক্ৰমৰ অধীনত ছাত্ৰছাত্ৰীসকলৰ জ্ঞান লাভৰ বাবে বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে বালিপুখুৰীত থকা ”North Eastern Regional Multipurpose School and Handicap Training center” পৰিদৰ্শন কৰে ।

আৰু পঢ়কঃবিশ্বনাথ মহাবিদ্যালয়ত ৫৭সংখ্যক মহাবিদ্যালয় সপ্তাহ আয়োজন

ছাত্ৰ-ছাত্ৰীৰ দলটোৱে মানসিক উৎকৰ্ষ সাধনৰ বাবে ভাৱৰ আদানপ্ৰদান কৰি ব্যৱহাৰিক জ্ঞান অৰ্জন বাবে চেষ্টা কৰে ৷

এই অনুষ্ঠানটোৰ তত্ত্বাৱধায়ক তথা পৰিচালনা সমিতিৰ সভাপতি হিৰণ্য হাজৰিকা আৰু আঁচনি বিষয়ক সমন্বয়ক হৈছে মনোজ পৰাজুলি ৷

বিশ্বনাথ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপকসকল ক্ৰমে অধ্যাপক অজিত কুমাৰ দত্ত,অধ্যাপক ভৱেন কলিতা,অধ্যাপক ড° নৱনীতা শৰ্মা,অধ্যাপক অন্তৰীপা বৰা লগতে ছাত্ৰছাত্ৰীসকল উপস্থিত হোৱাত সংস্থাটোৱে আদৰণি জনাই আৰু ভৱিষ্যতে এনে কাৰ্যসূচী অব্যাহত ৰাখিবলৈ আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply