বিশ্বনাথঃ পুনৰ বিশ্বনাথত ব্ৰহ্মপুত্ৰত উদ্ধাৰ হৈছে এটি বেগ।

বিহালীৰ ৰাংচালী অঞ্চলত কেইজন মান মাছমৰীয়াই সোমবাৰে পুৱাই প্ৰত্য়ক্ষ কৰে বেগটো।

উদ্ধাৰ হোৱা বেগটো মাজুলীত সংঘটিত ফেৰী দুৰ্ঘটনাৰ কোনো যাত্ৰীৰ বুলি সন্দেহ কৰা হৈছে।

বেগটোত মাজুলীৰ জেংৰাইমুখৰ মদন পেগুৰ পৰিচয় পত্ৰ পোৱা গৈছে।

লগতে পঢ়কঃমাজুলী যোৰহাট সংযোগী ফেৰী সেৱাক লৈ হাহাকাৰ ৰাইজৰ মাজত

বেগটোৰ ভিতৰত আছে বহুতো গুৰুত্বপূৰ্ণ নথি-পত্ৰ। তাৰে ভিতৰত পোৱা গৈছে এছ-০৭আৰ ৮০০৯ নম্বৰৰ মাৰুতি গাড়ীৰ ৰেজিষ্ট্ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড, বেংকৰ এটিএম, ক্ৰেডিট কাৰ্ড, পান কাৰ্ড।

বেগটোত ছামেড আলি নামৰ লোকজনৰ এ এছ ০৬ ভি ২১৯৮ নম্বৰৰ এনফিল্ড বাইকৰ ৰেজিষ্ট্ৰেচন কাৰ্ডো পোৱা গৈছে।

মাছমৰীয়া কেইজনে নথি-পত্ৰ সহ বেগটো আৰক্ষীক জমা দিছে।

বেগটোৰ সন্দৰ্ভত বৰ্তমানো সঠিক তথ্য পোহৰলৈ অহা নাই। আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply