ভীমাজুলিৰ পৰা দিগন্ত শৰ্মাঃ অসমৰ বিশ্বনাথ জিলাৰ ভীমাজুলি অঞ্চলত ডিলিচাং গাঁৱৰ ভগত গড় নামৰ ব্যক্তিজনে এতিয়া পেং অবিহনে এখোজ দিব নোৱাৰে। অথচ দৈনন্দিন প্ৰচুৰ শ্ৰম কৰিব পৰা ভগত গড় অঞ্চলটোৰ এগৰাকী উদীয়মান কৃষক আছিল ।

আজিৰ পৰা এঘাৰ বছৰ আগলৈকে এই গৰাকী ভগত গড় কৃষিকৰ্মৰে স্বাৱলম্বী আছিল আৰু গ্ৰাম্য অৰ্থনীতিৰ ভেটি নিৰ্মাণত অৱদান আগবঢ়াইছিল৷ কিন্তু সেইগৰাকী ব্যক্তি আজি পৰনিৰ্ভৰশীল৷ চৰম অন্যায়ৰ বলি হোৱা ভগত গড়ে অতিবাহিত কৰিছে দুৰ্দশাপূৰ্ণ জীৱন৷ ন্যায় আৰু চৰকাৰী সা-সুবিধা প্ৰাপ্তিৰ আশাৰে পাৰ কৰিছে দিনৰ পিছত দিন, মাহ, বছৰ….

তেৰ বছৰ পূৰ্বে অৰ্থাৎ ২০০৯ চনৰ ৪ অক্টোবৰৰ দিনা সন্ধিয়া হঠাতে এন ডি এফ বি উগ্ৰপন্থীয়ে বিশ্বনাথৰ ভীমাজুলি অঞ্চলৰ ডিলিচাং নামৰ গাওঁখনত প্ৰৱেশ কৰি নৃশংসভাৱে আক্ৰমণ কৰিছিল। আনকি ঘৰৰ ভিতৰত থকা লোককো মাতি আনি সন্মুখৰ পৰা গুলীয়াইছিল। সেই নৃশংস গণনিধন কাণ্ডত গাওঁখনৰ শিশু মহিলাকে ধৰি ১২ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল।

সেই নিৰ্মম ঘটনাত দেহত গুলী লগাৰ পাছতো কোনোমতে প্ৰাণ বাচিছিল এই ভগত গড় নামৰ ব্যক্তিগৰাকীৰ। পিছে আজি তেওঁ অসহায়। যিখন ভৰিত গুলী লাগিছিল , সেই ভৰিখনৰ সংক্ৰমণ আজিও ভাল হোৱা নাই। ঘটনাৰ পিচত এমাহ কাল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা কৰোৱাইছিল।

চৰকাৰী সাহায্যৰ নামত লাভ কৰিছিল মাত্ৰ পঞ্চাশ হাজাৰ টকা। এমাহ চিকিৎসাৰ পিচত ভগত গড়ক চিকিৎসালয় কৰ্তৃপক্ষই হাস্পতালৰ পাৰা যাবলৈ দিছিল। কিন্তু তাৰ পিচত ভগত গড়ে কিছু চিকিৎসা কৰিছিল গাঁঠিৰ ধন ভাঙি। এতিয়া আৰ্থভাৱ আৰু শাৰীৰিক অসুস্থতাই ভগত গড়ক এনেদৰে জুৰুলা কৰিছে যে ব্যক্তিগৰাকী ঘৰৰ চাৰিবেৰৰ ভিতৰত থকাৰ বাহিৰে আন কোনো উপায় নাই। বঞ্চিত হৈ আছে উপযুক্ত চিকিৎসা লাভৰ পৰা।

কৃষিকৰ্মৰে গ্ৰাম্য অৰ্থনীতিলৈ বৰঙণি আগবঢ়োৱা কৃষক ভগত গড়ৰ বাবে পুনৰ কৃষিভূমিত নমাতো অসম্ভৱ। বিপৰীতে চৰকাৰী অৱস্থাই ভগত গড়ক অসুস্থ দেহাৰেই ঘৰতেই আবদ্ধ হৈ থাকিবলৈ বাধ্য কৰিছে। উগ্ৰপন্থীৰ নৃশংসতা আৰু চৰকাৰী অৱহেলাই ভগত গড়ৰ দৰে লোকৰ জীৱন কৰি তুলিছে দুৰ্বিসহ। ভগত গড়ৰ দৰে ভুক্তভোগীসকলে ন্যায় লাভ কৰিব কেতিয়া, সেয়া এক উত্তৰবিহীন প্ৰশ্ন।

বিপৰীতে অসমত উগ্ৰপন্থীৰ আক্ৰমণত আহত হৈ ভয়াবহ জীৱন অতিবাহিত কৰিবলগীয়া হোৱা ভগত গড়ৰ দৰে লোকসকল বলি হৈছে চৰকাৰী অৱজ্ঞাৰ। বিগত তেৰ বছৰে ন্যায় লাভ কৰা নাই ভগত গড়ে। চৰকাৰী কোনো আঁচনি, সাহায্যই এই ভুক্তভোগীক স্পৰ্শ নকৰে কিয়? ভগত গড়ৰ ভৱিষ্যৎ এতিয়া অন্ধকাৰমুখী।

উল্লেখ্য যে সেইদিনা সন্ধিয়া উগ্ৰপন্থীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল ভগত গড়ৰৰ দুই নিকট আত্মীয় -বৌৱেক ফুলেশ্বৰী গড় আৰু কণমানি ভতিজা কৃষ্ণ গড়ে৷ ইয়াৰ উপৰিও সেইদিনাৰ বড়ো উগ্ৰপন্থীৰ গণহত্যাত গাওঁখনৰ ছবিলাল তেলেংগা, চন্দ্ৰ ছেত্ৰী, মনবাহাদুৰ ছেত্ৰী, গোমা দেৱী, মঞ্জু দেৱী, জুনু বৰা, থুলেশ্বৰ প্ৰধান, ভুৱন নেৱাৰ, দুলুমণি বৰা, ৰঞ্জু প্ৰধানৰ মৃত্যু হৈছিল উগ্ৰপন্থীৰ আক্ৰমণত৷

নিহত সমলৰ বিপৰীতে তিনিলাখকৈ টকা এক কালীন সাহায্য প্ৰদান কৰে যদিও আহত সকলক দিয়ে পঞ্চাশ হাজাৰ টকা৷ পিছে ভগত গড়ৰৰ দৰে আহত ব্যক্তিৰ চিকিৎসাৰ প্ৰয়োজন কেইবালাখ টকা, লগতে লাগে দৈনিক দৰৱ৷

যি পৰিমানৰ ধন ভগত গড়ৰ বাবে এতিয়াৰ পৰনিৰ্ভৰশীল, পেং অবিহনে এখোজো আগুৱাব অৱস্থাৰে অৰ্জন কৰাটোৱেই অসম্ভৱ৷ আনহাতে সেই নৃশংস ঘটনা সংঘটিত কৰা উগ্ৰপন্থীক ন্যায়পালিকাৰ দ্বাৰা আজিকোপতি দিয়া নহ’ল কোনো শাস্তি৷ অৰ্থাৎ ভুক্তভোগী নাপালে কোনো ন্যায়৷

ভীমাজুলিৰ ডিলিচাং গাওঁবাসীয়ে প্ৰতি বছৰে ৪ অক্টোবৰত নিহত সকলক স্মৃতি সোৱৰণ কৰি শ্ৰদ্ধাঞ্জলি জনাই আহিছে৷ আনহাতে নিৰ্মম পৃথিৱীৰ সাক্ষী হৈ ভগত গড়ৰৰ দৰে আক্ৰান্ত ব্যক্তিয়ে ন্যায় প্ৰাপ্তিৰ অপেক্ষাৰে দিন অতিবাহিত কৰিছে, তেওঁৰ ’বৰ্তমান’ প্ৰায় স্থবিৰ৷ সন্মুখত অন্ধকাৰ ভৱিষ্যত…

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply