বিশ্বনাথঃ আজি বিশ্ব ৰক্তদান দিৱস। আজিৰ এই বিশেষ দিনটোতে চৰ্চালৈ আহিছে এজন সাধাৰণ ব্যক্তি। বিশ্বনাথৰ এনে এজন ব্যক্তি, যিয়ে শতাধিকবাৰ ৰক্তদান কৰি আনক জীৱন দান কৰি আহিছে। এগৰাকী সুস্থ লোকে কিমান বাৰ ৰক্তদান কৰিব পাৰে? মুছলিম সম্প্ৰদায়ৰ বিলাল শ্বেখ নামৰ ব্যক্তিজনে বৰ্তমানলৈকে এশ আঠত্ৰিশ গৰাকী বিভিন্ন ধৰ্মাৱলম্বীলোকক ৰক্তদান কৰি জীৱন দান কৰিছে। এই বিলাল শ্বেখে বিশ্ব ৰক্তদান দিৱস উপলক্ষে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভাণ্ডাৰত ৰক্তদান কৰি নিজৰ অভিজ্ঞতাৰ বিষয়েও জনালে সাংবাদিকৰ আগত। মুঠতে বিশ্বনাথত কাৰোবাৰ যদি ৰক্তৰ প্ৰয়োজন হয়, সকলোৰে প্ৰথমে বিলাল শ্বেখৰ নামেই মনলৈ আহে।
লগতে পঢ়কঃচাউল চুৰিত নামিছে একাংশ চৰকাৰী বিষয়া আৰু সমবায় এজেন্ট: গোৰেশ্বৰত তীব্ৰ প্ৰতিবাদ
বিলাল শ্বেখে বৰ্তমান আনৰ গেলামাল দোকানত কৰ্মচাৰী হিচাপে থাকি নিজৰ পৰিয়াল পোহপাল দি আছে। অসমত হয়তো এনে খুউব কম উদাহৰণ আছে যি ব্যক্তিয়ে এশজনকৈ অধিক লোকক ৰক্তদান কৰি জীৱন দান কৰিছে। জীৱিকা অৰ্জন প্ৰক্ৰিয়া অতি সাধাৰণ হলেও বিলাল শ্বেখৰ কৰ্মই তেওঁক মহান কৰি তুলিছে। যি সময়ত দেশৰ বিভিন্ন স্থানত ধৰ্মক লৈ অসহিষ্ণুতাৰ পৰিবেশ সৃষ্টি হৈছে, হিন্দু মুছলমানক লৈ একাংশ লোকে ৰাজনীতি আৰম্ভ কৰিছে সেই সময়তে বিশ্বনাথৰ বিলাল শ্বেখে ধৰ্মীয় অসহিষ্ণুতাৰ বিৰুদ্ধে ৰক্তদানৰ জৰিয়তে মানৱতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।