বিশ্বনাথ: বিহালী সমষ্টি বটিয়ামাৰি গাওঁ পঞ্চায়ত অন্তৰ্গত বুৰৈ ব্ৰহ্মপুত্ৰ সংযোগস্থলীত গৰাখহনীয়া ৰোধ কৰিবলৈ চৰকাৰে চতুৰ্দশ বিত্ত আয়োগৰ পুঁজিৰ অধীনত ১১ লাখ ৫৩ হাজাৰ টকা অনুমোদন কৰিছিল ।
বটিয়ামাৰি গাওঁ পঞ্চায়ত অধীনত নিৰ্মাণ হোৱা বুৰৈ ব্ৰহ্মপুত্ৰ পাৰ্কো পাইনৰ কামত দুৰ্নীতি হোৱাৰ অভিযোগ তুলিছে দল সংগঠনে । দল সংগঠনৰ অভিযোগ যে কোনো বৈজ্ঞানিক পদ্ধতিৰে নিৰ্মাণ হোৱা নাই পাৰ্কো পাইন ।
লগতে বিভাগীয় কৰ্তৃপক্ষই নিৰ্মাণস্থলীত উপস্থিত নোহোৱাকৈ কেনেকৈ মোকলাই আনিলে আচঁনিৰ সকলো ধন । এইক্ষেত্রত বিভাগী কৰ্তৃপক্ষৰ লগতে জিলা প্ৰশাসনক তদন্ত কৰিবলৈ দাবী জনাই অসম অনুসূচীত জাতি যুৱ ছাত্র সন্থাৰ বিশ্বনাথ জিলা সমিতিয়ে ।