বিশ্বনাথ চাৰিআলিঃ বিশ্বনাথৰ জিনজিয়াত ধৰ্ষণকাৰীলৈ আৰক্ষীৰ গুলীচালনা ৷ এগৰাকী নাবালিকাক বলাৎকাৰ কৰাৰ অভিযোগত দেওবাৰে মোনাবাৰীৰ কাঠনীবাৰীঘাটৰ মোহিম শৰ্মা নামৰ ৫৬ বছৰীয়া লোকজনক স্থানীয় ৰাইজে চুলি খূড়াই ,মূখত চূণ লেপি গাঁৱৰ মাজৰে সমদল কৰি আনি আৰক্ষীক চমজাই দিছিল ৷
পিছে আৰক্ষীৰ জিম্মাত থকা অৱস্থাত নিশা পলায়নৰ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীচালনা কৰে ধৰ্ষণকাৰীটোক ৷ ভৰিত গুলী লাগি আঘাতপ্ৰাপ্ত ধৰ্ষণকাৰীটোক নিশাই তেজপুৰ মেডিকেল কলেজ হস্পিতালত ভৰ্তি কৰাই আৰক্ষীয়ে।