বিশ্বনাথঃ বিশ্বনাথৰ বৰপথাৰত বানৰ সংহাৰী ৰূপ।‌ বাঢ়নী পানীয়ে সংযোগ বিচ্ছিন্ন কৰিলে বিশ্বনাথৰ বৰপথাৰ আৰু মাজুলীগড় পথ।

ৰাজ্যত এফালে মহামাৰি কৰোনাৰ আতংক আৰু আনফালে ভূতৰ ওপৰত দানবৰ ৰূপ লৈছে বানৰ সন্ত্ৰাসে।

যোৱা কেইবাদিন ধৰি পৰা নেৰা নেপেৰা বৰষুণৰ ফলত বানৰ কবলত পৰিছে বিশ্বনাথৰ উত্তৰ অঞ্চলৰ বৰপথাৰ। নেৰা নেপেৰা বৰষুণৰ ফলত নিশাটোৰ ভিতৰতে অঞ্চলটো সম্পূৰ্ণ জলমগ্ন হৈ সৃষ্টি কৰিছে বানৰ। আনকি এই অঞ্চলৰ কেইবাখনো গাওঁৰ সংযোগী পথ বৰপথাৰ আৰু মাজুলীগড়ৰ সংযোগী পথটোও উটুয়াই পেলালে বানে।

এই অঞ্চলটোৰ প্ৰায়ে ঘৰবোৰ ডুবি গৈছে বানপানীত। যাৰ বাবে নিশায়ে বহু লোকে নিজৰ ঘৰ -দুৱাৰ এৰি ঢাপলি মেলিছে নিৰাপদ স্থানলৈ। এতিয়া এই অঞ্চলটোৰ লোক সকলে তীব্ৰ খাদ্য সংকটত ভুগিছে। বানপানীৰ কবলত পৰা এই সকল লোকৰ বাবে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহনৰ বাবে বিশ্বনাথ জিলা প্ৰশাসনক দাবী জনাইছে স্থানীয় লোকে।

আৰু পঢ়কঃগোৱালপাৰাৰ ৰংজুলিত বন বিভাগৰ অবৈধ কাঠ ফলা কলৰ বিৰুদ্ধে অভিযান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply